உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Martyrs of Bodoland: বি টি আৰত বঞ্চিত শ্বহীদ পৰিয়াল, নাপালে চৰকাৰে ঘোষণা কৰা পাঁচ লাখকৈ টকা

    Martyrs of Bodoland: বি টি আৰত বঞ্চিত শ্বহীদ পৰিয়াল, নাপালে চৰকাৰে ঘোষণা কৰা পাঁচ লাখকৈ টকা

    বিটিএডিৰ ২০২৬টা পৰিয়ালৰ মাত্ৰ আজিলৈকে ৩৪০টা পৰিয়ালেহে সাহায্য পাবলৈ সক্ষম হৈছে ৷

    বিটিএডিৰ ২০২৬টা পৰিয়ালৰ মাত্ৰ আজিলৈকে ৩৪০টা পৰিয়ালেহে সাহায্য পাবলৈ সক্ষম হৈছে ৷

    বিটিএডিৰ ২০২৬টা পৰিয়ালৰ মাত্ৰ আজিলৈকে ৩৪০টা পৰিয়ালেহে সাহায্য পাবলৈ সক্ষম হৈছে ৷

    • Share this:

    বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা পৰিয়ালৰ লোকক ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজিও ৰক্ষা নকৰিলে ৷ চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়ে হৈ থাকিল ৷ মাত্ৰ চল্লিশটা পৰিয়ালক আৰ্থিক সাহায্য দিয়ে দায়িত্ব সামৰিলে চৰকাৰে ৷ –এই অভিযোগ বাক্সা জিলা বড়োলেণ্ড শ্বহীদ পৰিয়াল এছ'চিয়েচনৰ ৷


    আজি বাক্সা জিলাৰ সুৱণখাটাত সংগঠনটোৱে এক সভা অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে বড়োলেণ্ড আন্দোলনৰ সময়ত শ্বহীদ হোৱা ব্যক্তিৰ পৰিয়ালক পাঁচ লাখ টকাকৈ আৰ্থিক অনুদান দিব বুলি ঘোষণা কৰিছিল ৷ সেই অনুসৰি তদানীন্তন সৰ্বানন্দ সোণোৱাল চৰকাৰে মাত্ৰ চল্লিশটা পৰিয়ালক পাঁচ লাখকৈ টকা দিয়েই দায়িত্ব সামৰিলে ৷


    আনহাতে বিটিচি পৰিষদেও শ্বহীদ পৰিয়ালৰ এজন ব্যক্তিক চৰকাৰী চাকৰি দিব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল ৷ পিছে সেয়াও বৰ্তমানলৈ ফুটুকাৰ ফেনতহে পৰিণত হ' ল ৷ সংগঠনটোৰ সভাপতি চণ্ডী বড়োৱে অভিযোগ কৰি কয় যে সমগ্ৰ বাক্সা জিলাখনতে ৫৩৭টা শ্বহীদ পৰিয়াল আছে ৷ তাৰে ভিতৰত মাত্ৰ চল্লিশটা পৰিয়ালকহে আৰ্থিক অনুদান দিলে ৷ বাকীকেইটা পৰিয়াল আজিও বঞ্চিত হৈ থাকিল ৷ তেওঁ শীঘ্ৰে বৰ্তমানৰ চৰকাৰক শ্বহীদ পৰিয়ালসমূহক দিব বিচৰা আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায় ৷


    উল্লেখ্য যে এতিয়ালৈকে বড়ো দল–সংগঠনৰ সৈতে তিনিটা চুক্তি সম্পাদিত হোৱাৰ পিছতো আজিকোপতি বড়োলেণ্ড আন্দোলনৰ সময়ত মত্যু হোৱা লোকৰ পৰিয়ালে চৰকাৰী অনুদান পাবলৈ সক্ষম হোৱা নাই ৷ এইবাৰ যদিহে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদেও সোতৰ বছৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷ বিটিএডিৰ ২০২৬টা পৰিয়ালৰ মাত্ৰ আজিলৈকে ৩৪০টা পৰিয়ালেহে সাহায্য পাবলৈ সক্ষম হৈছে ৷

    Published by:Gautam Barman
    First published: