মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কাইলৈ কোকৰাঝাৰলৈ গৃহমন্ত্ৰী অমিত শ্বাহ, BTR চুক্তিৰ বৰ্ষপূৰ্তিকলৈ ব্যাপক প্ৰস্তুতি

কাইলৈ কোকৰাঝাৰলৈ গৃহমন্ত্ৰী অমিত শ্বাহ, BTR চুক্তিৰ বৰ্ষপূৰ্তিকলৈ ব্যাপক প্ৰস্তুতি

News18 Assam | News18-Assam
Updated:January 23, 2021, 4:52 PM IST
কাইলৈ কোকৰাঝাৰলৈ গৃহমন্ত্ৰী অমিত শ্বাহ, BTR চুক্তিৰ বৰ্ষপূৰ্তিকলৈ ব্যাপক প্ৰস্তুতি
কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ এতিয়া কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ এতিয়া কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷

  • Share this:
দেওবাৰে BTR চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিবলৈ এতিয়া কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ প্ৰস্তুতিৰ তদাৰক কৰিছে BTRৰ মূৰব্বী প্ৰমোদ বড়োয়ে ৷

কোকৰাঝাৰৰ গ্ৰীণ ফিল্ড !  এই গ্ৰীণ ফিল্ডত এতিয়া যুদ্ধসদৃশ তৎপৰতা চলিছে ৷ সাজু কৰা হৈছে বৃহৎ পেণ্ডেল ৷ সাজু কৰি তুলা হৈছে বৃহৎ বৃহৎ তোৰণ, বেনাৰ ৷ শাৰী শাৰীকৈ পাৰি দিয়া হৈছে প্লাষ্টিকৰ চকী ৷ ফিল্ডৰ খলাবমা ঠাইবোৰ সমান কৰা হৈছে ৷ সময় কম ৷ কাইলৈ আহি আছে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ BTR চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে BTR চৰকাৰে এই গ্ৰীণ ফিল্ডত এনেদৰে প্ৰস্তুতি চলাইছে ৷

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অমিত শ্বাহে ৷ সেয়ে নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰতো বিশেষ তদাৰকী কৰা হৈছে ৷ BTRৰ মূৰব্বী প্ৰমোদ বড়োৱে News18ক সদৰি কৰা মতে, কাইলৈৰ অনুষ্ঠানৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে ৷ কাইলৈৰ অনুষ্ঠানত পাঁচ লাখ ৰাইজে অংশগ্ৰহণ কৰিব বুলি জনাই প্ৰমোদ বড়োৱে ৷

বিগত বৰ্ষৰ ২৭ জানুৱাৰীত নতুন দিল্লীত স্বাক্ষৰিত BTR চুক্তিৰ বৰ্ষপূৰ্তি ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰী পৰ্যন্ত তিনিদিনীয়াকৈ পালন কৰাৰ ব্যৱস্থা কৰিছে BTR চৰকাৰে ৷ ইতিমধ্যে BTR চুক্তিৰ কেইবাটাও দফা চৰকাৰে ৰূপায়ণ কৰিছে আৰু অহা এবছৰৰ ভিতৰত গৰিষ্ঠসংখ্যক দফাই কাৰ্যকৰী হ'ব বুলি আশাবাদী BTRৰ মূৰব্বী প্ৰমোদ বড়ো৷

কাইলৈৰ এই বৃহৎ অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, NEDAৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ বহুকেইজন মন্ত্ৰী-বিধায়কেও উপস্থিত থাকিব ৷
Published by: Himangshu Bhuyan
First published: January 23, 2021, 4:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি