BTR চুক্তিৰ প্ৰথম বৰ্ষপুৰ্তি উপলক্ষ্যে আজি কোকৰাঝাৰত আয়োজন কৰা হৈছে আড়ম্বৰপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত আছে দেশ গৃহমন্ত্ৰী অমিত শ্ৱাহ। অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বড়োভূমিৰ জনতাক উদ্দেশ্যি বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
গৃহমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, ' মই ৰাজনৈতিক জীৱনত এনে ৰেলীত ভাষণ দিয়া নাছিলো ৷ আজি মোৰ মন আনন্দৰে ভৰি পৰিছে ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত NDFBৰে আমি শান্তি চুক্তি কৰিলো ৷ আজি এবছৰ পূৰ্ণ হ'ল BTR চুক্তিৰ ৷ বড়োভূমিত যি হত্যা-হিংসা হৈছিল সেয়া এতিয়া আৰু নাই ৷ কম দিনৰ ভিতৰতে অসমখনো শান্তিপূৰ্ণ হ'ব।
গৃহমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে,
ইয়াত বড়ো-অবড়োৰ মাজত বিভাজন নচলিব ৷ সকলো ভাৰত মাতৃৰ সন্তান ৷ বিভাজনৰ বিষবাষ্প বিয়পাবলৈ দিয়া নহ'ব।
BTRৰ সকলো দফা ৰূপায়ণ কৰা হ'ব ৷ মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।
উত্তৰ-পূবত সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছো ৷ প্ৰধানমন্ত্ৰীৰ উন্নয়নৰ ভাৰতৰ সপোন আমি পূৰণ কৰিম।
UPPL, NDAৰ অংশীদাৰ হোৱাতো অতি গুৰুত্বপূৰ্ণ ৷ ই সূচাই যে, আসন্ন বিধানসভাৰ নিৰ্বাচনত আমি অধিক আসনৰে চৰকাৰ প্ৰতিষ্ঠা কৰিব ৷ কংগ্ৰেছে কি দিলে? না উন্নয়ন না শান্তি দিলে।
কংগ্ৰেছে বহুকেইখন চুক্তি কৰিছিল ৷ কিন্ত ৰূপায়ণ নহ'ল ৷ কেৱল প্ৰতিশ্ৰুতিহে দিয়ে।
BTRৰ ভিতৰত অবড়ো গাঁৱ কৰ্তন বা বড়ো গাঁৱ অন্তভুৰ্ক্তিৰ কাম আমি আৰম্ভ কৰিছো ৷ BTRৰ বাহিৰৰ বড়ো ৰাইজৰ বাবে ৰাজ্য চৰকাৰে বড়ো কছাৰী উন্নয়ন পৰিষদ গঠন কৰিছে ৷
ৰাজ্য চৰকাৰে বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষা স্বীকৃতি দিছে ৷ BTRত তিনিখন মডেল হাস্পতাল হ'ব ৷ BTRৰ ৰাস্তাৰ বাবে পাঁচশ কোটি টকা ৰাজ্য চৰকাৰে মুকলি দিছে।