বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰি কেন্দ্ৰীয় চৰকাৰে BTCক কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীতকৰণ কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে মঙলদৈত কোঁচ ৰাজবংশী সন্মিলনীৰ সংবাদমেল। সংবাদমেলত UTC গঠনৰ বিৰোধিতা সংগঠনটোৰ। UTC গঠনৰ বিৰোধিতাৰে অহা ২৭ জানুৱাৰী তাৰিখে বিটিচি বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে।
সংগঠনটোৱে উল্লেখ কৰে যে, ‘ঐতিহাসিক কমতাপুৰত কোনো ইউটিচি, বড়োলেণ্ড হ’বলৈ দিয়া নহ’ব। ইউটিচি গঠন হলে নামনি অসম ৰক্তাক্ত হ’ব। ২৩ শতাংশ বড়োভাষী থকা বিটিএডিত ইউটিচি গঠন কৰাটো ন্যায়সংগত নহয়।’
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 25, 2020, 16:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।