অৱশেষত ঘোষণা হ'ল BTCৰ নিৰ্বাচনৰ দিন, কেতিয়া হ’ব নিৰ্বাচন?

News18 Assam | News18-Assam
Updated:November 17, 2020, 8:34 PM IST
অৱশেষত ঘোষণা হ'ল BTCৰ নিৰ্বাচনৰ দিন, কেতিয়া হ’ব নিৰ্বাচন?
BTCৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া পুৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ চলিব৷

BTCৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া পুৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ চলিব৷

  • Share this:
অৱশেষত ঘোষণা হ'ল BTCৰ নিৰ্বাচনৰ দিন৷ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব BTCৰ নিৰ্বাচন৷ ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব৷ ১০ ডিচেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷

দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া BTC নিৰ্বাচনৰ ভোট গণনা হ'ব ১২ ডিচেম্বৰ৷ এই কথা মঙলবাৰে ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে৷

BTCৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া পুৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ চলিব৷ ইপিনে ভোটগণনা আৰম্ভ হ'ব ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা৷

উল্লেখযোগ্য যে কোৰোণা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে স্থগিত ৰখা হৈছিল BTCৰ নিৰ্বাচন৷ যাৰ ফলত ৰাজ্যপালৰ হাতলৈ গৈছিল BTCৰ শাসনভাৰ৷ কিন্তু BTCত সোতৰ বছৰে শাসন চলোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF–এ ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷
Published by: Sanjay Kumar Das
First published: November 17, 2020, 8:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading