உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • BTC কাৰ? ষ্ট্ৰং ৰুমত বন্দী ২৪১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ১২ ডিচেম্বৰত ভোটগণনা 

    BTC কাৰ? ষ্ট্ৰং ৰুমত বন্দী ২৪১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ১২ ডিচেম্বৰত ভোটগণনা 

    বহু জল্পনা-কল্পনাৰ অন্তত দুটা পৰ্যায়ত অনুষ্ঠিত হৈ গ'ল BTCৰ পৰিষদীয় নিৰ্বাচন ৷

    বহু জল্পনা-কল্পনাৰ অন্তত দুটা পৰ্যায়ত অনুষ্ঠিত হৈ গ'ল BTCৰ পৰিষদীয় নিৰ্বাচন ৷

    বহু জল্পনা-কল্পনাৰ অন্তত দুটা পৰ্যায়ত অনুষ্ঠিত হৈ গ'ল BTCৰ পৰিষদীয় নিৰ্বাচন ৷

    • Share this:
    বহু জল্পনা-কল্পনাৰ অন্তত দুটা পৰ্যায়ত অনুষ্ঠিত হৈ গ'ল BTCৰ পৰিষদীয় নিৰ্বাচন ৷ ৪০টা পৰিষদীয় সমষ্টিযুক্ত BTCৰ নিৰ্বাচন এইবাৰ প্ৰায় শান্তিপূৰ্ণ আছিল ৷ দুই-এক বিক্ষিপ্ত ঘটনাৰ বাহিৰে এটাও ৰক্তক্ষৰণৰ ঘটনা সংঘটিত নহ'ল ৷

    প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাৰ মুঠ ২১টা সমষ্টিত যোৱা ৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ৷ ওদালগুৰিৰ ১০টা আৰু বাক্সাৰ ১১টা সমষ্টিত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত ৭৭.০১ শতাংশ ভোটাৰে ভোটদান কৰে ৷ সেয়া আছিল BTCৰ নিৰ্বাচনত এক অভূতপূৰ্ব ঘটনা ৷

    ১০ ডিচেম্বৰত কোকোৰাঝাৰ আৰু চিৰাং জিলাত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় ৷ প্ৰথম পৰ্যায়ৰ দৰেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনো প্ৰায় শান্তিপূৰ্ণ ভাবে সম্পন্ন হৈ যায়। কোকোৰাঝাৰৰ ১২টা আৰু চিৰাঙৰ ৭টা, মুঠ ১৯টা ভোটগ্ৰহণ কেন্দ্ৰত হিলদল ভাঙি ভোটাৰ ৰাইজে সাব্যস্ত কৰে নিজৰ নিজৰ ভোটাধিকাৰ ৷

    দুটা পৰ্যায়ত মুঠ ২৩,৮২,০৩৬ গৰাকী ভোটাৰৰ বাবে সাজু কৰা হৈছিল ৩,১৪৬টা ভোটগ্ৰহণ কেন্দ্ৰ ৷ ইয়াৰ ভিতৰত ১২,০৩,০০৮জন পুৰুষ আৰু ১১,৭৯,০২০ গৰাকী মহিলা ভোটাৰ ৷ ৮গৰাকী আছিল তৃতীয় লিংগৰ ভোটাৰ ৷ প্ৰথম পৰ্যায়ত মুঠ ২১টা সমষ্টিত  ১৩০জন প্ৰাৰ্থী আৰু দ্বিতীয় পৰ্যায়ত মুঠ ১৯টা সমষ্টিত ১১১জন প্ৰাৰ্থীক ভোটাৰ ৰাইজে ভোটদান কৰিলে ৷ সৰ্বমুঠ ২৪১জন ভোটাৰৰ ভাগ্য এতিয়া বেলট বাকচত বন্দী ৷ যিসমূহ বেলট বাকচ এতিয়া ষ্ট্ৰংৰুমত আছে ৷

    BTCৰ বহু চৰ্চিত নিৰ্বাচনৰ ভোটগণনা ১২ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ৷ বেলট পেপাৰত বন্দী প্ৰাৰ্থীৰ ভাগ্য একেদিনাই গণনা কৰি শেষ কৰিব পৰা নাযাব বুলি আশংকা কৰা হৈছে ৷ সেই হিচাপত সম্পূৰ্ণ ফলাফল ১৩ ডিচেম্বৰতহে ঘোষণা হোৱাৰ সম্ভৱনা আছে ৷ এতিয়া সকলোৱে অপেক্ষা কৰিছে সেই দিনটোলৈ ৷ প্ৰশ্ন এটাই- কোনে মাৰিব শেষ হাঁহি? কোনে দখল কৰিব BTC? কোন হ'ব BTCৰ মূৰব্বী?
    Published by:Himangshu Bhuyan
    First published: