உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • BTC Election results- ২৩ খনত অগ্ৰগতি UPPLৰ, ১২ খনত BPF, নিজ সমষ্টিতে পিছ পৰিছে হাগ্ৰামা মহিলাৰী

    BTC Election results- ২৩ খনত অগ্ৰগতি UPPLৰ, ১২ খনত BPF, নিজ সমষ্টিতে পিছ পৰিছে হাগ্ৰামা মহিলাৰী

    বিটিচি নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতা বিপিএফ আৰু ইউ পি পি এলৰ মাজত

    বিটিচি নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতা বিপিএফ আৰু ইউ পি পি এলৰ মাজত

    বিটিচি নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতা বিপিএফ আৰু ইউ পি পি এলৰ মাজত

    • Share this:
    বিটিচি নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বন্দিতা বিপিএফ আৰু ইউ পি পি এলৰ মাজত। শেহতীয়াকৈ ২৩ খন আসনত অগ্ৰগতি লাভ কৰিছে প্ৰমোদ বড়োৰ UPPL-এ। সেইদৰে ১২ খন আসনত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল।

    এইবাৰ নিৰ্বাচত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিপিএফ দল। পূৰ্বতে বিপিএফৰ দুৰ্গ বুলি বিবেচিত সমষ্টিত এইবাৰ পিছ পৰিছে বিপিএফ। আনকি নিজ সমষ্টিত হাগ্ৰামা মহিলাৰী এইবাৰ পিছ পৰিবলগীয়া হৈছে। কচুগাঁও সমষ্টিত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী।
    ১২টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। পোষ্টেল বেলটৰ গণনাৰ অন্তত পিছ পৰি আছে মহিলাৰী ।

    আনহাতে  দেৱৰগাঁও সমষ্টিতো পিছ পৰি আছে হাগ্ৰামা মহিলাৰী।৪৮টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী। সমষ্টিটোত আগবাঢ়ি আছে UPPL বুদ্ধদেৱ মুছাহাৰী। প্ৰথম ৰাউণ্ডৰ অন্ত এই ফলাফল। হাগ্ৰামা মহিলাৰী লাভ কৰিছে ১,৮৫৯টা ভোট। আনহাতে
    UPPL প্ৰাৰ্থীয়ে লাভ কৰিছে ১৯০৭টা ভোট।
    Published by:Himangshu Bhuyan
    First published: