• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰতিদ্বন্দিতা কৰা দুয়োটা সমষ্টিতে জয়লাভ প্ৰমোদ বড়োৰ, মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক সাক্ষাতৰ বাবে উপস্থিত গুৱাহাটীত

প্ৰতিদ্বন্দিতা কৰা দুয়োটা সমষ্টিতে জয়লাভ প্ৰমোদ বড়োৰ, মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক সাক্ষাতৰ বাবে উপস্থিত গুৱাহাটীত

আকৰ্ষণীয় পৰ্যায়ত বিচিটি নিৰ্বাচনৰ ফলাফল। এতিয়াও ওলোৱা নাই চূড়ান্ত ফলাফল।

আকৰ্ষণীয় পৰ্যায়ত বিচিটি নিৰ্বাচনৰ ফলাফল। এতিয়াও ওলোৱা নাই চূড়ান্ত ফলাফল।

আকৰ্ষণীয় পৰ্যায়ত বিচিটি নিৰ্বাচনৰ ফলাফল। এতিয়াও ওলোৱা নাই চূড়ান্ত ফলাফল।

  • Share this:
আকৰ্ষণীয় পৰ্যায়ত বিচিটি নিৰ্বাচনৰ ফলাফল। এতিয়াও ওলোৱা নাই চূড়ান্ত ফলাফল। কিন্তু সৰ্ববৃহত্‍ দল হোৱাৰ দিশে অগ্ৰসৰ হৈছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ । তাৰ মাজতে খবৰ অনুসৰি প্ৰতিদ্বন্দিতা কৰা কোকলাবাৰী আৰু গৈবাৰী দুয়োটা সমষ্টিতে ইউ পি পিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে জয়লাভ কৰিছে। জয়লাভ কৰাৰ পিছতে প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সাক্ষাত্‍ৰ বাবে গুৱাহাটীত উপস্থিত হৈছে।

উল্লেখযোগ্য যে, এইবাৰৰ বিটিচি নিৰ্বাচনত আশানুৰূপ ফলাফল লাভ কৰিছে বিজেপিয়ে। গতিকে বিজেপিৰ লগ লাগি চৰকাৰৰ গঠনৰ অংক কৰিছে প্ৰমোদ বড়োৱে। গতিকে সেই সংক্ৰান্ততে গুৱাহাটীত ইউ পি পিএলৰ সভাপতিগৰাকী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে তামুলপুৰ মহকুমাৰ তিনিখন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।

  • দৰঙাজুলিত বিপিএফৰ বিজিতগৌড়া নাৰ্জাৰীৰ জয়।

  • নাগ্ৰিজুলি সমষ্টিত বিজেপিৰ ধৰ্ম নাৰায়ন দাসৰ জয়।

  • শুক্লাই ছেৰফাং সমষ্টিত বিজেপিৰ ৰনেন্দ্ৰ নাৰ্জাৰীৰ জয়।

Published by:Himangshu Bhuyan
First published: