• Home
  • »
  • News
  • »
  • assam
  • »
  • NDFBৰ চাৰিটা গোটৰ কোন নেতাই ক'ৰ পৰা খেলিব নিৰ্বাচন?

NDFBৰ চাৰিটা গোটৰ কোন নেতাই ক'ৰ পৰা খেলিব নিৰ্বাচন?

UPPL আৰু BPFৰ মাজত ভাগবতৰা NDFBৰ নেতৃত্ব

UPPL আৰু BPFৰ মাজত ভাগবতৰা NDFBৰ নেতৃত্ব

UPPL আৰু BPFৰ মাজত ভাগবতৰা NDFBৰ নেতৃত্ব

  • Share this:
এপ্ৰিলত BTCৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ কিন্তু এই পৰ্যন্ত নিৰ্বাচন আয়োগে জাৰি কৰা নাই অধিসূচনা ৷ নিৰ্বাচন আয়োগে অধিসূচনা জাৰি নকৰিলেও BTCত তুমুলভাৱে বৈছে নিৰ্বাচনী বতাহ ৷

বিগত ২৭ জানুৱাৰীত নতুন দিল্লীত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (BTR) চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আসন্ন এতিয়া NDFBৰ চাৰিওটা গোটো ব্যস্ত ৷ কোনে ক'ত নিৰ্বাচন খেলিব সেই লৈ ব্যাপক প্ৰস্তুতি চলাইছে ৷

News18ৰ হাতত পৰা তথ্য মতে, NDFB(P)ৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীয়ে UPPLৰ হৈ ভৈৰৱকুণ্ড সমষ্টিৰ পৰা BTC নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব৷ NDFB(S)ৰ অধ্যক্ষ বি ছাৰাইগৗৰাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFত যোগদান কৰিব ৷ BPFত যোগদান কৰি ছাৰাইগৗৰাই ১৩ নং চিৰাং(ST) সমষ্টিৰ পৰা প্ৰতিদন্দ্বীতা কৰিব ৷

অধ্যক্ষ ছাৰাইগৗৰাৰ বিপৰীতে সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই যোগ দিব UPPLত ৷ ফেৰেংগাই BTCৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৷

নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে হোৱা এনে পট পৰিৱৰ্তনত বড়ো ৰাইজ এতিয়া বিভ্ৰান্ত ৷ চুক্তিত স্বাক্ষৰ কৰাৰ পিছত NDFBৰ চাৰিওটা গোটৰ পৰা বড়ো ৰাইজে বহুখিনি আশা কৰিছিল ৷ আশা কৰিছিল চাৰিওটা গোট একত্ৰিত হৈ ৰাইজৰ বাবে কাম কৰিব ৷ এইক্ষেত্ৰত NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰী ওৰফে ডি আৰ নাবলাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ৷ কিন্তু আদালতে অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি নকৰাত নাবলা পুনৰ কাৰাগাৰলৈ যাবলগীয়া হ'ল ৷ ফলত হৈ নুঠিল NDFBৰ একত্ৰিকৰণ ৷

আসন্ন BTC নিৰ্বাচনত NDFB(R)য়ে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব বুলি সদৰি কৰিছে ৷ কাৰাগাৰৰ পৰা অধ্যক্ষ দৈমাৰী মুকলি নোহোৱা পৰ্যন্ত সংগঠনটোৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে ৷ ইয়াৰ বিপৰীতে ধীৰেন্দ্ৰ বড়ো নেতৃত্বাধীন NDFB(D)য়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFক সহায় কৰিব আৰু ধীৰেন্দ্ৰ বড়োয়ে BPFৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷
ধীৰেন্দ্ৰ বড়োয়ে ধনশ্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৷ ইপিনে NDFB(P)ৰ প্ৰচাৰ সচিব বি বডোছাই UPPLৰ হৈ মুছলপুৰ সমষ্টিৰ পৰা কৰিব প্ৰতিদ্বন্দিতা ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি