உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গুৱাহাটীত প্ৰমোদ বড়োৰে বিজেপিৰ বৈঠক, কোকৰাঝাৰত হাগ্ৰামাই ক’লে – BJP-BPFৰ চৰকাৰ হ'ব BTCত

    গুৱাহাটীত প্ৰমোদ বড়োৰে বিজেপিৰ বৈঠক, কোকৰাঝাৰত হাগ্ৰামাই ক’লে – BJP-BPFৰ চৰকাৰ হ'ব BTCত

    আজি পুৱা কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰি বিটিচিত বিজেপি–বিপিএফৰ চৰকাৰ হ’ব বুলি দাবী কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

    আজি পুৱা কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰি বিটিচিত বিজেপি–বিপিএফৰ চৰকাৰ হ’ব বুলি দাবী কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

    আজি পুৱা কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰি বিটিচিত বিজেপি–বিপিএফৰ চৰকাৰ হ’ব বুলি দাবী কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

    • Share this:
    বিটিচি নিৰ্বাচনত কোনো এটা দলেই লাভ নকৰিলে একক সংখ্যাগৰিষ্ঠতা। ১৭ বছৰে বিটিচিত ৰাজত্ব কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ স্তব্ধ হ’ল ১৭খন আসনত। আনহাতে, প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে লাভ কৰিলে ১২খন আসন। বিজেপিয়ে লাভ কৰিছে ৯খন আসন।

    ফলাফলৰ পিছতে মাজনিশা হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি নেতৃত্বক সাক্ষাৎ কৰে প্ৰমোদ বড়োৱে। ইতিমধ্যে ইউপিপিএলৰ সৈতে বিটিচিত চৰকাৰ গঠনৰ ইংগিত দিছে বিজেপিয়ে।

    ইয়াৰ পিছতে আজি পুৱা কোকৰাঝাৰত এক সংবাদমেলৰ আয়োজন কৰি বিটিচিত বিজেপি–বিপিএফৰ চৰকাৰ হ’ব বুলি দাবী কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

    সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে ক’লে – ‘‘BTCৰ নিৰ্বাচনত BPF একক সংখ্যাগৰিষ্ঠ দল৷ ২০১৬ত BJPৰে মিত্ৰতা কৰি আমি চৰকাৰ গঠন কৰিছিলো অসমত৷ আমি আনুৰোধ কৰিছো BJPক। ৰণজিত দাস আৰু জে পি নাড্ডাক অনুৰোধ কৰিছো। বিটিচিত চৰকাৰ গঠন কৰিবলৈ আমাক সহায় কৰক।’’

    ‘‘নিৰ্বাচনত আক্ৰমণ কৰাটো বেলেগ কথা৷ এতিয়া নিৰ্বাচন গ'ল৷ কেন্দ্ৰ আৰু ৰাজ্যৰ সৈতে আমাৰ মিত্ৰতা এতিয়াও আছে৷ সেয়ে BTCত আমাক চৰকাৰ গঠন কৰিবলৈ BJPয়ে সহায় কৰক৷ এতিয়া বিষয়টো BJPৰ ওপৰত নিৰ্ভৰ কৰিছে।’’ – ক’লে হাগ্ৰামা মহিলাৰীয়ে।

    হাগ্ৰামাই কয় যে বিটিচিত BJP-BPFৰ চৰকাৰ হ'ব। শপত গ্ৰহণৰ কথা আজি আবেলি ঠিক কৰিম। ৰাজনীতিত কোনো স্থায়ী শত্ৰুতা–মিত্ৰতা নাই। শেষ কথা যে BJP-BPFৰ চৰকাৰ হ'ব বিটিচিত।
    Published by:Sanjay Kumar Das
    First published: