তামুলপুৰৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি! বিজেপি কৰ্মীক আটক

News18 Assam | News18-Assam
Updated:December 12, 2020, 2:29 PM IST
তামুলপুৰৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি! বিজেপি কৰ্মীক আটক
তামুলপুৰৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

তামুলপুৰৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

  • Share this:
তামুলপুৰৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। কাৰ্ড নোহোৱাকৈ বিজেপি কৰ্মী দিনেশ কলিতাই ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।

তামুলপুৰ মহকুমাৰ পাঁচটা সমষ্টিৰ বাবে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা চলি আছে। বাক্সা জিলাৰ পাঁচটা সমষ্টি ক্ৰমে ২৬ নং দৰঙাজুলি, ২৭নং নাগ্ৰিজুলি, ২৮ নং গৈবাৰী, ২৯নং শুক্লাই চেৰফাং আৰু ৩০ নং গোৰেশ্বৰ সমষ্টিৰ ভোট গণনা চলি থকাৰ মাজতে অবৈধ ভাৱে প্ৰৱেশ কৰে বিজেপি কৰ্মীজন। লগে লগে সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতিৰ।

পিছত ৰঙিয়াৰ বিজেপি কৰ্মী দিনেশ কলিতাক আটক কৰে আৰক্ষীয়ে। সম্প্ৰতি দিনেশ কলিতাক তামুলপুৰ থানাত ৰখা হৈছে।
Published by: Himangshu Bhuyan
First published: December 12, 2020, 2:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি