‘১৫ ডিচেম্বৰৰ পৰা বিপিএফৰ নাঙল থাকিব মিউজিয়ামত, ধন লুণ্ঠন কৰা সকল যাব লাগিব জে’ললৈ’

বাক্সাৰ নিৰ্বাচনী সভাত ড৹ হিমন্ত বিশ্ব শৰ্মা
বাক্সাৰ নিৰ্বাচনী সভাত ড৹ হিমন্ত বিশ্ব শৰ্মা
- News18 Assam
- Last Updated: November 29, 2020, 9:07 AM IST
শনিবাৰে পুনৰ হাগ্ৰামাৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী সভাত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১৫ ডিচেম্বৰৰ পৰা বিপিএফৰ নাঙল মিউজিয়ামত থব লাগিব বুলি তাচ্ছিল্যসূচক মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, ‘ইমান দিন আমি চলাই আছিলো কাৰণে হাগ্ৰামাৰ নাঙল চলি আছিল ৷ কিন্তু এতিয়া আৰু নাঙলৰ কাম নাই ৷’
বাক্সা জিলাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আৰতি বৰদলৈৰ এখন নিৰ্বাচনী সভাত অংশ লৈ ৰাজ্য চৰকাৰৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘মোক বোলে জে’লত পঠাব ৷ জে’ল তেওঁলোকৰ বাবেহে সাজু হৈ আছে ৷ বিটিচিৰ উন্নয়নৰ ধন খাব বিপিএফে আৰু জেলত মোক ভৰায় ৷ অতি হাস্যকৰ কথা ৷’
‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত কয়, তেওঁ ৰাইজৰ সেৱক, আনহাতে হাগ্ৰামা মহিলাৰীয়ে কয় তেওঁ হেনো চীফ ৷ লাউ পাতৰ তলত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ‘ৰাজনীতি কৰা মানুহ সদায় ৰাইজৰ তলত ৷ সি যিয়ে নহওঁক ৰাইজৰ তলত থাকিব লাগিব ৷ ’
ইফালে বিজেপিৰ পৰিষদ হ’লে বিটিচিত সংঘাতৰ সৃষ্টি হ’ব বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগক নসাত্ কৰি নেডাৰ আহ্বায়কগৰাকীয়ে কয়, নৰেন্দ্ৰ মোদীৰ দিনত কোনেও সংঘাত কৰিব নোৱাৰে ৷ পাকিস্তানেই নিস্তাৰ পোৱা নাই ৷ গতিকে কোনে সংঘাত সৃষ্টি কৰিব বিটিচি অঞ্চলত ৷ সকলো কঠোৰ হাতেৰে দমন কৰা হ’ব ৷’
ইফালে বিটিচি নিৰ্বাচনত বিজেপিৰ ইউ পি পি এল দলৰ সৈতে মিত্ৰতা থকা বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, ‘বিটিচি নিৰ্বাচনত কোনো দলৰ সৈতে বিজেপিয়ে মিত্ৰতা কৰা নাই ৷ বিজেপিয়ে অকলে নিৰ্বাচন খেলিছে ৷ অকলে বিটিচি পৰিষদ গঠন কৰিব ৷ আনকি সমাগত বিধান সভা নিৰ্বাচনত বিজেপি দলে বিটিচিৰ অন্তৰ্গত বিধানসভা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ৰাজহুৱা ভাৱে ঘোষণা কৰে।