BTC Election: নিৰ্বাচনী সভাত চলিছে নেতাৰ নৃত্য, হিমন্ত, প্ৰমোদৰ পিছত এইবাৰ ৰূপজ্যোতি কুৰ্মীৰ নিৰ্বাচনী নৃত্য

উন্নয়নৰ কথা নাই, নিৰ্বাচনী সভাত এতিয়া চলিছে নেতাৰ নৃত্য, গীত আৰু মাজে মাজে অসংযত কথা-বতৰা।
উন্নয়নৰ কথা নাই, নিৰ্বাচনী সভাত এতিয়া চলিছে নেতাৰ নৃত্য, গীত আৰু মাজে মাজে অসংযত কথা-বতৰা।
- News18 Assam
- Last Updated: December 2, 2020, 9:23 AM IST
প্ৰতিখন নিৰ্বাচনী সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য উপভোগ কৰিছে ভোটাৰ ৰাইজে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৰ পিছত এইবাৰ দেখা গ’ল কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰ্বাচনী নৃত্য।
শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, ‘বিজেপি চৰকাৰে আদিবাসী সকলক বঞ্চিত কৰি আহিছে কাৰণ এটা সময়ত আদিবাসীৰ পৰা বহুকেইজন কেবিনেট মন্ত্ৰী আছিল কিন্তু আজি বিজেপিৰ দিনত এজন কেবিনেট মন্ত্ৰী নাই, আদিবাসীসকলে এইবাৰ নিৰ্বাচনত ইয়াৰ বিচাৰ কৰিব।’ মন্ত্ৰী হিমন্তক সমালোচনা কৰি কংগ্ৰেছ বিধায়কজনে লগতে কয় যে, ‘যোৱা ২০ বছৰে শিক্ষা মন্ত্ৰী হৈ থকাৰ পিছতো শ্ৰীৰামপুৰত এখন কলেজ দিয়াৰ নাই কিয়? ইমান দিনে হিমন্তই কি ঘাঁহ কাটি আছিল নেকি। অসমত ভিতৰত যদি আটাইতকৈ ঠকবাজ মন্ত্ৰী আছে তেন্তে হিমন্তই আছে, তেওঁতকৈ আৰু ঠগবাজ মন্ত্ৰী নাই।’

আনহাতে তুলশীবিলৰ নিৰ্মল পালৰ পৰিয়ালৰ আত্মহত্যাৰ সন্দৰ্ভত কৰ্মীয়ে কয়, ‘হিন্দুত্বত কথা কোৱা চৰকাৰৰ দিনত নিৰ্মল পালৰ ৫ জনীয়া পৰিয়ালটোক কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে জীয়াই জীয়াই মাৰি পেলালে। কিন্তু ৰঞ্জিত দাস, হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি কোনো এজন বিজেপিৰ নেতাই তাত উপস্থিত নহ’ল।’
ইপিনে মঞ্চত নাচি বাগি সাধাৰণ ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰে ৰূপজ্যোতি কুৰ্মীয়ে । কুৰ্মীৰ নৃত্যৰ তালে তালে নৃত্যত ব্যস্ত হয় কংগ্ৰেছৰ আন নেতা আৰু সাধাৰণ ভোটাৰো।সভাখনত বিধায়ক ৰূপজ্যোতিৰ লগতে উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক য়াজেদ আলী চৌধুৰী, অপূৰ্ব ভট্টাচাৰ্যকে আদি কৰি বহু কেইজন কংগ্ৰেছৰ নেতাই।