உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • BTC কাৰ? অৱসান ঘটিব নেকি হাগ্ৰামাৰাজ? ২৩,৮২,০৩৬ ভোটাৰে নিৰ্ণয় কৰিব ২৪১ প্ৰাৰ্থীৰ ভাগ্য

    BTC কাৰ? অৱসান ঘটিব নেকি হাগ্ৰামাৰাজ? ২৩,৮২,০৩৬ ভোটাৰে নিৰ্ণয় কৰিব ২৪১ প্ৰাৰ্থীৰ ভাগ্য

    মুঠতে BTCৰ চল্লিশটা সমষ্টিত ২৪১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২৩,৮২,০৩৬ জন ভোটাৰে ৷ যাৰ ফলাফল ওলাব ১২ ডিচেম্বৰত ৷

    • Share this:
    ব্যাপক নিৰ্বাচনী প্ৰচাৰত এতিয়া BTCৰ আকাশ-বতাহ মুখৰিত ৷ কোনো পিছ পৰি থকা নাই ৷ এফালে BJPৰ হৈ ষ্টাৰ কেম্পেইনাৰ বহুবল্কী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFক টাৰ্গেট কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷ আনফালে মন্ত্ৰী হিমন্তক BTCত সোমাব দিয়া নহ'ব, বহু কেলেংকাৰীৰ নায়ক বুলি সমালোচনা কৰি গৈছে হাগ্ৰামাই ৷ বহি থকা নাই UPPLৰ সভাপতি প্ৰমোদ বড়ো ৷ BTCত হাগ্ৰামাৰাজৰ অৱসান ঘটাব বুলি দাবী কৰিছে প্ৰমোদ বড়োৱে ৷

    ইয়াৰ মাজতে হেলিকপ্টাৰ লৈ বুধবাৰৰ পৰা কংগ্ৰেছ আৰু AIUDFয়ে আৰম্ভ কৰি দিছে BTCত নিৰ্বাচনী প্ৰচাৰ ৷ কংগ্ৰেছে বিগত BTCৰ নিৰ্বাচনত খাটা খুলিবলৈকে সক্ষম হোৱা নাছিল ৷ এইবাৰ কিছু ভাল ফলাফল পাব বুলি আশা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

    অহা ৭ ডিচেম্বৰত বাক্সাৰ এঘাৰটা সমষ্টিত হ'ব ভোটগ্ৰহণ আৰু ওদালগুৰিৰ ১০টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য মতে বাক্সাত ৭,৩৭,৭৯৫জন ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ ওদালগুৰিত ৬,২১,২২৫ জনে কৰিব ভোটদান ৷

    একেদৰে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব চিৰাং আৰু কোকোৰাঝাৰত ৷ চিৰাঙৰ সাতটা সমষ্টিত ভোটদান কৰিব ৩,৬৯,১৮৬জন ভোটাৰে ৷ কোকোৰাঝাৰ ১২টা সমষ্টিত ৬,৫৩,৮৩০ জন ভোটাৰে কৰিব ভোটদান ৷

    মুঠতে BTCৰ চল্লিশটা সমষ্টিত ২৪১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২৩,৮২,০৩৬ জন ভোটাৰে ৷ যাৰ ফলাফল ওলাব ১২ ডিচেম্বৰত ৷
    Published by:Himangshu Bhuyan
    First published: