তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনত আসন বুজাবুজি কৰা সন্দৰ্ভত শনিবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ বিজেপি তথা জি এছ পি দলৰ সৈতে এতিয়াও আসন বুজাবুজি হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ জংগলহে চাফা কৰি আছে৷ সমষ্টি তথা ৰাইজৰ সমৰ্থন থাকিলে যি দলে প্ৰাৰ্থী দিব জয়ী হ’ব৷
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সমাগত নিৰ্বাচনত আসন বুজাবুজি হ’ব বুলি উল্লেখ কৰি কয় যে বিটিচি পৰিষদীয় নিৰ্বাচনত ৰাইজে পৰিৱৰ্তন বিচাৰি ভোট দান কৰিছিল যদিও সেয়া সম্ভৱ নহ’লেও বিধানসভা নিৰ্বাচনত সম্ভৱ হ’ব৷ ইউ পি পি এলৰ নেতৃত্বত মিত্ৰজোটে ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব৷ প্ৰমোদ বড়োৱে সমাগত নিৰ্বাচনত মিত্ৰজোঁটৰ সৈতে আসন বুজাবুজি এশ শতাংশ নিশ্চিত বুলি উল্লেখ কৰি কয় যে প্ৰতিটো দলে নিজৰ দলৰ পৰা টিকট বিচাৰিব পাৰে৷ সেয়া নিয়ম৷ কাৰণ নিৰ্বাচন খেলিবলৈয়ে ৰাজনীতি কৰে৷
আনহাতে, প্ৰমোদ বড়োৱে এন ডি এফ বি সদস্যসকলক কোনো প্ৰলোভন দি ৰাজনীতিলৈ অনা নাই বুলি উল্লেখ কৰি কয় যে প্ৰলোভন দিবলৈ আমাৰ একো নাই৷ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰহে প্ৰলোভন দিবলৈ কিবা কিবি আছে৷ তামুলপুৰৰ নিজ বাসগৃহত উপস্থিত হৈ প্ৰমোদ বড়োৱে এন ডি এফ বি নেতা বাঠা পুনৰ জংগল লৈ যোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে আমাৰ হাতত কোনো নিৰ্দিষ্ট তথ্য নাই৷ মই শুনিছো হে৷ তেওঁ কয় বৰ্তমান সময়ত জংগল লৈ গৈ সমাজ সংস্কাৰ কৰিব নোৱাৰে৷ সমাজৰ মাজত থাকিহে সমাজ সংস্কাৰ কৰিব পাৰি৷
ইফালে প্ৰমোদ বড়োৱে বিটিআৰত শিক্ষকৰ সমস্যা সমাধানৰ লগতে চলিত কাৰ্যকালত এক লাখ নিৱনুৱা যুৱক- যুৱতীক বিভিন্ন বিভাগৰ জৰিয়তে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব বুলিও জানিব দিয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|