• Home
  • »
  • News
  • »
  • assam
  • »
  • শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বাস কৰা বড়োকে ধৰি জনজাতীয় লোকসকলৰ বাবে ভাল খবৰ দিলে বিটিআৰৰ নতুন মুৰব্বী প্ৰমোদ বড়োৱে

শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বাস কৰা বড়োকে ধৰি জনজাতীয় লোকসকলৰ বাবে ভাল খবৰ দিলে বিটিআৰৰ নতুন মুৰব্বী প্ৰমোদ বড়োৱে

এবছুক সূদীৰ্ঘকাল নেতৃত্ব দিয়া সময়ত প্ৰমোদ বড়োৱে শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বসবাস কৰা বড়োসকলৰ ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ,পঞ্চায়তীৰাজ ব্যৱস্থা আদিকে ধৰি বিভিন্ন দাবীৰে গণতান্ত্ৰিক আন্দোলন চলাই আহিছিল৷

এবছুক সূদীৰ্ঘকাল নেতৃত্ব দিয়া সময়ত প্ৰমোদ বড়োৱে শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বসবাস কৰা বড়োসকলৰ ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ,পঞ্চায়তীৰাজ ব্যৱস্থা আদিকে ধৰি বিভিন্ন দাবীৰে গণতান্ত্ৰিক আন্দোলন চলাই আহিছিল৷

এবছুক সূদীৰ্ঘকাল নেতৃত্ব দিয়া সময়ত প্ৰমোদ বড়োৱে শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বসবাস কৰা বড়োসকলৰ ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ,পঞ্চায়তীৰাজ ব্যৱস্থা আদিকে ধৰি বিভিন্ন দাবীৰে গণতান্ত্ৰিক আন্দোলন চলাই আহিছিল৷

  • Share this:
শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বসবাস কৰা বড়োকে ধৰি জনজাতীয় লোকসকলৰ বাবে নতুন বছৰৰ প্ৰাকক্ষণত সু-খবৰ দিলে বিটিআৰৰ নতুন মুৰব্বী প্ৰমোদ বড়োৱে৷ ইয়াৰ বড়োকে ধৰি জনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সামাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে শীঘ্ৰে আলোচনা কৰিব৷ বিটিআৰৰ মুৰব্বীৰ দ্বায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ ঢেকিয়াজুলিৰ উত্তৰাঞ্চলৰ বনভূমিত এক কাৰ্যসূচীত অংশ লোৱা প্ৰমোদ বড়োৱে ক’লে – শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বাস কৰা বড়োকে ধৰি আন জনজাতীয় লোকসকলে পাব ভূমিৰ অধিকাৰ।

উল্লেখ্য যে এবছুক সূদীৰ্ঘকাল নেতৃত্ব দিয়া সময়ত প্ৰমোদ বড়োৱে শোণিতপুৰৰ উত্তৰাঞ্চলৰ বনভূমিত বসবাস কৰা বড়োসকলৰ ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ,পঞ্চায়তীৰাজ ব্যৱস্থা আদিকে ধৰি বিভিন্ন দাবীৰে গণতান্ত্ৰিক আন্দোলন চলাই আহিছিল৷ সেইবাবে ঢেকিয়াজুলিৰ উত্তৰাঞ্চলত উপস্থিত হৈ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে সেই সমস্যাসমূহ সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰি এই কথা জানিবলৈ দিয়ে৷

প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয় -সমস্যা বহুত আছে, সেইবোৰ সমাধান কৰিব লাগিব৷ ৰাজনীতিত যোগদান কৰিছো ৰাইজক সেৱা কৰিবলৈ৷ শোণিতপুৰ জিলাত এটা সময়ত পৰিস্থিতি উত্তপ্ত আছিল৷ সেনা বাহিনী-আৰক্ষীৰ লগত বড়ো বিদ্ৰোহী সংগঠনৰ সংঘাত হৈছিল৷ এতিয়া শোণিতপুৰ অঞ্চল ক্ষান্ত হৈ গ’ল৷ শান্তিৰ বাতাবৰন ঘূৰি আহিল৷ এতিয়া এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব৷ শোণিতপুৰ জিলাৰ উত্তৰাঞ্চলৰ বনভূমিত বসবাস কৰা বড়োকে ধৰি জনজাতীয় লোকসকলে নিজৰ অধিকাৰ পাব লাগিব৷ শোণিতপুৰৰ উত্তৰাঞ্চল বনভূমিত বসবাস কৰা বড়ো আৰু অনান্য জনজাতিৰ লোকসকলে ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ পাব লাগিব৷ ইয়াৰ কাৰণে আমি দীৰ্ঘদিনৰ পৰা মাত মাতি আছো৷ বিটিআৰত আমাৰ চৰকাৰ গঠন হোৱাত আমিও এনডিএত চামিল হ’লো৷ শোণিতপুৰ উত্তৰাঞ্চলৰ বনভূমিত দীৰ্ঘদিনৰ পৰা বসবাস কৰা বড়োকে ধৰি আন জনজাতিৰ লোকসকলৰ বিভিন্ন সমাস্যাসমূহ সামাধানৰ বাবে আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰীক আমিত শ্বাহক সাক্ষাৎ কৰি আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি শীঘ্ৰে সমাধানৰ কৰা হ’ব বুলিও প্ৰকাশ কৰে বড়োৱে৷

ইপিনে, বিটিআৰৰ নতুন চৰকাৰ প্ৰসংগত বিটিআৰৰ নতুন মুৰব্বী প্ৰমোদ বড়োৰ মন্তব্য – চৰকাৰ–প্ৰশাসন ৰাইজৰ কাম কৰিবলৈহে৷ ৰাইজৰ কাৰণে যদি প্ৰশাসনে কাম নকৰে, ব্যৱস্থাটোৱে যদি কাম নকৰে তেনেহ’লে সেই ব্যৱস্থাৰ দ্বাৰা আমাৰ একো লাভ নহব৷ সেয়ে চৰকাৰ আৰু প্ৰশাসন ব্যৱস্থাটোক ৰাইজৰ ওচৰত লৈ যাব লাগিব৷ বিটিআৰৰ পূৰ্বৰ চৰকাৰে প্ৰশাসন ব্যৱস্থাটোক ৰাইজৰ পৰা বহু দুৰত লৈ গৈছিল৷ সেয়ে আমাক ১৭ বছৰৰ আৱৰ্জনা পৰিষ্কাৰ কৰোতে বহু দিন লাগিব৷ আমি চেষ্টা কৰিছো কম দিনৰ ভিতৰতে আবৰ্জনাসমূহ পৰিষ্কাৰ কৰি ৰাইজৰ সেৱাৰ বাবে সুস্থ প্ৰশাসন দিব পাৰো তাৰ বাবে আমি কাম কৰিছো৷ বিটিআৰৰ সকলো তথ্য–পাতি এতিয়াৰে পৰা ডিজিটেল কৰা হ’ব৷ অহা ১ জানুৱাৰীৰ পৰা বিটিআৰৰ ৰাইজে চৰকাৰী আঁচনিসমূহ অনলাইন আৰু ট্ৰোল ফ্ৰি নম্বৰত আবেদন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে প্ৰমোদ বড়োৱে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি