hagrama mohilary, file image
বিপিএফ দলটো নিঃশেষ হোৱাৰ কাৰণ বিপিএফ দল নিজেই। যি যেনে কাম কৰিব তেনে ফল পাবই : প্ৰমোদ বড়ো
BTC প্ৰধান প্ৰমোদ বড়োৱে বিটিচিবাসীৰ লগতে BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী (Hagrama Mohilary)ক মাঘ বিহুৰ শুভেচ্ছা জনাই কয় যে তেওঁ BPF দলটো নিঃশেষ হৈ যোৱাটো হেনো নিবিচাৰে। প্ৰমোদ বড়ো (Pramod Bodo)ৱে কয়, "বিপিএফ দলটো নিঃশেষ হোৱাটো মই নিবিচাৰোঁ, কিন্তু দলটো নিঃশেষ হোৱাৰ কাৰণ বিপিএফ দল নিজেই। যি যেনে কাম কৰিব তেনে ফল পাবই। মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভোগালী বিহুৰ আৰু উৰুকাৰ শুভেচ্ছা জনাইছোঁ। লগতে তেখেতৰ সতীৰ্থসকলকো বিহুৰ শুভেচ্ছা জনাইছোঁ।"
উল্লেখ্য যে বিপিএফৰ তিনিজন বিধায়ক শাসকীয় পক্ষত চামিল হ'লে বিপিএফ দলৰ কেনে অৱস্থা হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে এইদৰে কয়।
সোমবাৰে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ হাব্ৰুবিলস্থিত নেপালপাৰাত SOPDৰ অধীনত দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা হস্ততাত বস্ত্ৰ শিল্প অধীক্ষকৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। BTC প্ৰধান গৰাকীয়ে বিটিচিবাসীক মাঘ বিহুৰ উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰে।
লগতে কোভিডৰ তৃতীয় ঢৌক লৈ সকলোকে সজাগ হৈ থকাৰ লগতে মাঘ বিহুত বা বনভোজৰ সময়ত সজাগতা অৱলম্বন কৰিবলৈ আহব্বান জনায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|