বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিটিআৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়-মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব, ক’লে প্ৰমোদ বড়োৱে

সভাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়ো কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।
সভাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়ো কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।
- News18 Assam
- Last Updated: February 23, 2021, 9:04 AM IST
সভাত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়ো কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। ছাত্র–ছাত্ৰী সকলৰ ভৱিষ্যত কৰ্মপন্থা বাস্তৱায়িত কৰাৰ বাবে বিটিআৰ চৰকাৰে প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি বিটিআৰ প্ৰধানগৰাকীয়ে মত ব্যক্ত কৰে।
আনহাতে, বাজুগাঁৱত ইউপিপিএলৰ এক যোগদান সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ মন্তব্য কৰে যে সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে বিটিআৰবাসীয়ে। তাৰ বাবে ইউ পি পি এল দলত দিনক দিনে যোগদান কৰিব ধৰিছে সকলো শ্ৰেণীৰ লোকে৷ দুৰ্নীতি–ভ্ৰষ্টাচাৰমুক্ত, হিংসামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে সকলোৱেই আগুৱাই আহিছে৷ বিটিআৰত এতিয়া মূল্যবোধৰ ৰাজনীতি চলিছে, হিংসাৰ ৰাজনীতি বন্ধ হৈছে৷