বিজেপি আৰু বিপিএফ দলৰ মাজত সঁচাকৈ মিত্ৰতা হৈছেনে? বিজেপি আৰু বিপিএফৰ মাজৰ মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হোৱাৰ সময়তে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷ বাক্সা জিলাৰ তামুলপুৰত মঙলবাৰে আবেলি উপস্থিত হৈ হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰমোদ বড়োৱে৷ হাগ্ৰামা মহিলাৰীক নুফুটা বন্দুকৰ লগত তুলনা কৰি বিটিচি প্ৰধান প্ৰমোদ বড়োই কয় যে বিজেপিৰ লগত মিত্ৰতাৰ কথা কোৱা হাগ্ৰামা মহিলাৰীৰ কথাৰ কোনো যুক্তিযুক্ততা নাই।
‘‘বৰ্তমান হাগ্ৰামা মহিলাৰী এটা নুফুটা বন্দুক। নিজৰ স্থিতি হেৰুৱাই হতাশাত ভোগা মহিলাৰীৰ কথাৰ কোনো ভিত্তি নাই। মুখ্যমন্ত্ৰীক সকলোৱে লগ কৰিব পাৰে৷ হাগ্ৰামায়ো লগ কৰিছে৷ বিগত সোতৰ বছৰে দুৰ্নীতি, লুণ্ঠন চলোৱা হাগ্ৰামাই বিটিচিত শান্তি স্থাপন কৰিব নোৱাৰিলে৷ এতিয়া বিটিচিত শান্তি আহিছে৷’’ – ক’লে প্ৰমোদ বড়োৱে।
আনহাতে, সমাগত উপ–নিৰ্বাচনত তামুলপুৰ সমষ্টিত মিত্ৰজোঁটৰ বাদে কোনো অন্য দলৰ জিকাৰ সম্ভাৱনা নাই বুলি কয় প্ৰমোদ বড়োৱে। তামুলপুৰ সমষ্টিত আমাৰ প্ৰাৰ্থীয়ে এইবাৰ ১ লাখতকৈ বেছি ভোট পাই জয়যুক্ত হ’ব বুুুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে৷ সেইদৰে বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিলেও ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি কয়৷ নিৰ্বাচন খেলিব পাৰে তাত আমাৰ কবলগীয়া নাই৷ কিন্তু সমষ্টিটোত ইউ পি পি এল দলৰ প্ৰাৰ্থীহে বিজয়ী হ’ব৷
উল্লেখ্য যে উপ–নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ব্যস্ততা বাঢ়িছে তামুলপুৰ সমষ্টিক লৈ। সমষ্টিটোত প্ৰতিদিনেই BJP, UPPL, GSP, AGPৰ সন্মিলিত দলীয় সভা অব্যাহত আছে। তাৰ মাজতে তামুলপুৰত উপস্থিত হৈ এই মন্ত্যৱ আগবঢ়ায় বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। উল্লেখযোগ্য যে উপ–নিৰ্বাচনত সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে যুৱ নেতা জলেন দৈমাৰীক প্ৰক্ষেপ কৰিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|