৩০ অক্টোবৰত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচনৰ বাবে অন্যান্য ৰাজনৈতিক দলবোৰৰ দৰে গোসাঁইগাঁও সমষ্টিত BPF দলেও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । BPF দলৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ সমৰ্থনত মঙলবাৰে সমষ্টিটোৰ অন্তৰ্গত ভোমৰাবিলত বিপিএফ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ।
নিৰ্বাচনী সভাত বিপিএফ দলৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মিত্ৰজোঁটৰ অংশীদাৰ দল UPPL দলক তীব্ৰ সমালোচনা কৰি কয় যে ইউ পি পি এল দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে নিজৰ বড়ো জাতিটোকে সুৰক্ষা দিব নোৱাৰে তেনে ক্ষেত্ৰত অন্যান্য জাতিক কেনেকৈ সুৰক্ষা দিব। বি টি চিক বিক্ৰী কৰি খোৱা প্ৰমোদ বড়োৱে সমষ্টিৰ উন্নতি কেনেকৈ কৰিব বুলিকৈ প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে।
হাগ্ৰামাই কয়, "ট্ৰেক্টৰৰ ছবিত কোন আছে। ট্ৰেক্টৰ আচলতে পদুম ফুল। প্ৰমোদ বড়োয়ে কয় সকলোকে সম ভাবে চাব। যিয়ে বড়ো জাতিক বিক্ৰী কৰি আহিছে, ধ্বংস কৰি আহিছে, তেওঁ কোচৰাজবংশী, বেংগলীলী, আদিবাসী, মুছলমানৰ কাম কৰিব নেকি? ইউপিপিএল পাৰ্টি এবছুৰ পাৰ্টি। এবছু মানে বড়ো জাতিৰ ছাত্র সংগঠন। বড়ো সংগঠনে কেতিয়াও বেলেগ জাতিৰ কাম নকৰে। নিৰ্বাচন আহিছে ইউপিপিএলে টকা দিব। আপোনালোকেও ইউপিপিএলৰ পৰা টকা লওক। কিন্তু ভোট দিয়াৰ সময়ত অকল নাঙলত ভোট দিব।"
"২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ আগলৈকে বিটিচিত যিমান মানুহ আছে সকলোৱে বিটিচিৰ বাসিন্দা। সকলো জাতি জনগোষ্ঠীৰ লোক বিটিচিৰ বাসিন্দা। সকলোকে খাছ মাটিৰ পাট্টা প্ৰদান কৰা হ'ব। চৰকাৰ আমাৰ থাকিলে আমি এই কাম কৰিলোঁহেতেন। সকলোৱেই জানে কেনেদৰে অত্যাচাৰ কৰি বিটিচিত চৰকাৰ বনাইছে। চৰকাৰ আচলতে আমিয়েই বনাব লাগিছিল।" এই মন্তব্য হাগ্ৰামাৰ
হাগ্ৰামাই আকৌ কয়, "আমি কাৰো লগত জোঁটবন্ধনত নাই। বিজেপি, ইউপিপিএল, কংগ্ৰেছ, এআইইউডিএফ, এজেপি কাৰো লগত জোঁটবন্ধনত আমি নাই। আমি অকলে নিৰ্বাচন খেলিছোঁ। এই নিৰ্বাচনী যুঁজত আমি জিকিম" বুলি উল্লেখ কৰি বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্মক নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|