২০ বছৰ বিজেপিৰ চৰকাৰ থাকিব কেন্দ্ৰত, পুনৰ মুখ্যমন্ত্ৰী হ’ব সৰ্বানন্দ সোণোৱাল : হাগ্ৰামা মহিলাৰী

ধীৰেণ বড়োৰ নেতৃত্বত NDFB প্ৰগতিশীলৰ আলোচনা সমাপ্ত কৰিব লাগে বুলি কয় বিটিচি প্ৰধানগৰাকীয়ে।

News18-Assam
Updated:September 9, 2019, 2:46 PM IST
২০ বছৰ বিজেপিৰ চৰকাৰ থাকিব কেন্দ্ৰত, পুনৰ মুখ্যমন্ত্ৰী হ’ব সৰ্বানন্দ সোণোৱাল : হাগ্ৰামা মহিলাৰী
ধীৰেণ বড়োৰ নেতৃত্বত NDFB প্ৰগতিশীলৰ আলোচনা সমাপ্ত কৰিব লাগে বুলি কয় বিটিচি প্ৰধানগৰাকীয়ে।
News18-Assam
Updated: September 9, 2019, 2:46 PM IST
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত NEDAৰ সমাৰোহত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় ২০ বছৰ কেন্দ্ৰত থাকিব বিজেপি চৰকাৰ। তাৰ পিছত কি হ’ব নাজানো। ২০২১ত অসমত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় অসমত আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ব সৰ্বানন্দ সোণোৱাল। ২০২০ত বিটিএডিৰ নিৰ্বাচনত অগপ, বিজেপি আৰু বিপিএফে একেলগে অৱতীৰ্ণ হ’ব বুলিও মন্তব্য কৰে হাগ্ৰামাই।

উগ্ৰপন্থী সমস্যাৰ কথা উল্লেখ কৰি নিজৰ ভাষণত হাগ্ৰামা মহিলাৰীয়ে কয় যে অসম তথা উত্তৰ–পূবত বহু সন্ত্ৰাসবাদী সংগঠন আছে। NDFB সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰক আহ্বান হাগ্ৰামা মহিলাৰীৰ। ধীৰেণ বড়োৰ নেতৃত্বত NDFB প্ৰগতিশীলৰ আলোচনা সমাপ্ত কৰিব লাগে বুলি কয় বিটিচি প্ৰধানগৰাকীয়ে। চৰকাৰে সহযোগ কৰিলে জংঘলত থকা NDFB(S)ক ঘূৰাই আনিব পাৰিম বুলিও মত পোষণ কৰে হাগ্ৰামাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি