‘বড়ো শান্তি চুক্তি কেৱল বড়োসকলৰ বাবে নহয়, সকলো জাতি–জনগোষ্ঠী উপকৃত হ’ব’

News18 Assam | News18-Assam
Updated:January 30, 2020, 12:12 PM IST
‘বড়ো শান্তি চুক্তি কেৱল বড়োসকলৰ বাবে নহয়, সকলো জাতি–জনগোষ্ঠী উপকৃত হ’ব’
এনডিএফবি নেতা–কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ হ’ব বুলিও আশা প্ৰকাশ কৰে বিটিচি প্ৰধানগৰাকীয়ে।

এনডিএফবি নেতা–কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ হ’ব বুলিও আশা প্ৰকাশ কৰে বিটিচি প্ৰধানগৰাকীয়ে।

  • Share this:
আজি মহানগৰীৰ GMCH প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিলে এনডিএফবিৰ চাৰিওটা গোটৰ নেতা–কেডাৰে। এই অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় – ‘এই চুক্তি কেৱল বড়োসকলৰ বাবে নহয়। বিটিচিত থকা সকলো জাতি–জনগোষ্ঠী উপকৃত হ’ব এই চুক্তিৰ দ্বাৰা। সকলোৰে সমানে উন্নতি হ’ব। এন ডি এফ বিৰ চাৰিওটা গোটৰ নেতা–কেডাৰক লৈ আমি একেলগে কাম কৰিব বিচাৰিছো।’

‘আজিৰে পৰা আমাৰ মাজত একো বিভাজন নাথাকিব। শান্তি–সম্প্ৰীতিৰে সকলো জনগোষ্ঠীক লৈ আমি কাম কৰি যাম। এই ঐতিহাসিক চুক্তিৰ জৰিয়তে আমাৰ মাজলৈ শান্তি আহিব। বড়োসকলে বহু বছৰ ধৰি যি আশাৰে আন্দোলন কৰি আহিছিল সেয়া আমি এই চুক্তিৰ জৰিয়তে পূৰণ কৰিব পাৰিম। আমি দুখিতঃ যে আমাৰ অঞ্চল বৃদ্ধি পাব বুলি ভাৱিছিলোঁ যদিও নহল৷ একো নাই৷’ – মন্তব্য হাগ্ৰামা মহিলাৰীৰ।



বিটিচি প্ৰধানগৰাকীয়ে এই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত সকলো দল–সংগঠনৰ সহযোগিতা কামনা কৰে। এনডিএফবি নেতা–কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ প্ৰত্যাহাৰ হ’ব বুলিও আশা প্ৰকাশ কৰে বিটিচি প্ৰধানগৰাকীয়ে। বিএলটিৰ দৰে এনডিএফবিৰ গোচৰসমূহো প্ৰত্যাহাৰ হ’ব, হয়তো এইক্ষেত্ৰত কিছু সময়ৰ প্ৰয়োজন হ’ব পাৰে বুলি মন্তব্য কৰে মহিলাৰীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি