உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসমত BSFৰ বাঢ়িল ক্ষেত্ৰাধিকাৰ; আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৫০কিঃমিঃ ভিতৰলৈ এতিয়া BSFএ বিশেষ অধিকাৰ ব্যৱহাৰ কৰিব পাৰিব 

    অসমত BSFৰ বাঢ়িল ক্ষেত্ৰাধিকাৰ; আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৫০কিঃমিঃ ভিতৰলৈ এতিয়া BSFএ বিশেষ অধিকাৰ ব্যৱহাৰ কৰিব পাৰিব 

    গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে অসম আৰু পশ্চিম বংগত অনুপ্ৰৱেশ প্ৰতিৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে । এই নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ পূৰ্বে ৰাজ্য কেইখনৰ সৈতে আলোচনা কৰা হৈছিল নে নাই জানিব পৰা হোৱা নাই।

    • Share this:
    দেশৰ সীমান্তৰ প্ৰহৰী Border Security Force চমুকৈ BSFৰ অসমত বাঢ়িল পৰিক্ষেত্ৰ । এতিয়া BSFএ অসমত আন্তঃৰাষ্ট্ৰীয় সীমান্ত পৰা ৫০কিলোমিটাৰ ভিতৰলৈ বিশেষ অধিকাৰ প্ৰয়োগ কৰিব পাৰিব । পূৰ্বে সেই অঞ্চল সীমিত আছিল ১৫ কিলোমিটাৰ ভিতৰলৈ । নিজৰ পৰিক্ষেত্ৰৰ ভিতৰত BSFএ পাৰপত্ৰ আইন, NDPS Act, Custom Act তথা CrPCৰ অধীনত গ্ৰেপ্তাৰ, সামগ্ৰী জব্দ, অভিযান আদি কৰিব পাৰিব । পশ্চিম বংগ আৰু পঞ্জাৱতো এই নিয়ম প্ৰযোজ্য হৈছে । অন্যহাতেদি গুজৰাটত এই পৰিসৰ ৮০ কিলোমিটাৰৰ পৰা হ্রাস কৰি ৫০ কিলোমিটাৰ কৰা হৈছে ।

    উত্তৰ পূৰ্বাঞ্চলৰ ৫ ৰাজ্য ক্ৰমে– মেঘালয়ৰ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডত তেনে কোনো ভৌগোলিক সীমা ধার্য কৰা হোৱা নাই । অর্থাৎ গোটেই ৰাজ্যই BSFৰ পৰিক্ষেত্ৰ । জম্মু-কাশ্মীৰ আৰু লাডাখতো অনুৰূপ ধৰণে ভৌগোলিক সীমা নিৰূপণ কৰা হোৱা নাই ।

    উল্লেখযোগ্য যে সীমান্ত সুৰক্ষা বাহিনী আইন ১৯৬৮ (Border Security Act 1968)ৰ দফা ১৩৯ৰ অধীনত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সময় সাপেক্ষে BSFৰ ক্ষেত্ৰ পৰিসৰৰ সাল-সলনি ঘটাব পাৰে । BSFৰ ক্ষেত্ৰ পৰিসৰত অন্তৰ্ভুক্ত হৈ থকা অঞ্চল সমূহ হৈছে মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, জম্মু-কাশ্মীৰ আৰু লাডাখ । ইয়াৰ উপৰি সোমাই আছে অসম, পশ্চিম বংগ, ৰাজস্থান, পাঞ্জাৱ আৰু গুজৰাটৰ সীমান্ত অঞ্চল ।

    বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এখন ৰাজ-পত্ৰিত জাননী জাৰি কৰি সাল-সলনি কৰে BSFৰ ক্ষেত্ৰ পৰিসৰ ।

    গৃহ মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে অসম আৰু পশ্চিম বংগত অনুপ্ৰৱেশ প্ৰতিৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে । এই নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ পূৰ্বে ৰাজ্য কেইখনৰ সৈতে আলোচনা কৰা হৈছিল নে নাই জানিব পৰা হোৱা নাই ।
    Published by:Manjumoni Borah
    First published: