News18 AssamNews18 Assam
|
News18-Assam Updated:June 21, 2020, 2:15 PM IST
মহানগৰীৰ ৰাণীস্থিত BSFৰ মুখ্য কাৰ্যালয়ৰ জোৱানসকলে আজি পালন কৰিলে যোগ দিৱস।
মহানগৰীৰ ৰাণীস্থিত BSFৰ মুখ্য কাৰ্যালয়ৰ জোৱানসকলে আজি পালন কৰিলে যোগ দিৱস।
সীমান্তৰ অতন্দ্ৰ প্ৰহৰী হৈ প্ৰতি মুহূৰ্ততে দেশ ৰক্ষাৰ স্বাৰ্থত ব্যস্ত থাকে জোৱানসকল। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশবাসীৰ সৈতে জোৱনসকলেও আজি পালন কৰে যোগ দিৱস। মহানগৰীৰ ৰাণীস্থিত BSFৰ মুখ্য কাৰ্যালয়ৰ জোৱানসকলে আজি পালন কৰিলে যোগ দিৱস। সামাজিক দূৰত্ব বজাই ৰাখি BSFৰ জোৱানসকলে কৰিলে যোগাভ্যাস। আনহাতে, অসম–বাংলাদেশ সীমান্তত একাঁঠু পানীত যোগাসনত অংশগ্ৰহণ কৰিলে বিএছএফৰ জোৱানসকলে।