BSF জোৱানক আক্ৰমণ চোৰাং গৰু বেপাৰীৰ

 হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰে গৰু বেপাৰীটোৱে

news18assam
Updated:May 5, 2019, 1:53 PM IST
BSF জোৱানক আক্ৰমণ চোৰাং গৰু বেপাৰীৰ
আলগা BOPৰ হেড কনিষ্টবল পি বালাচান্দ
news18assam
Updated: May 5, 2019, 1:53 PM IST
BSF জোৱানক আক্ৰমণ চোৰাং গৰু বেপাৰীৰ। আহত জোৱানজন  আলগা BOPৰ হেড কনিষ্টবল পি বালাচান্দ। হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত অৱস্থাত আক্ৰমণ কৰে গৰু বেপাৰীটোৱে। পুৱতি নিশা ৩.৪০ বজাত শিশুমাৰাৰ সমীপত কাইটীয়া তাঁৰৰ কাষত সংঘটিত হয় এই ঘটনা। ২০-২৫ জনীয়া দলৰ চোৰাং বেপাৰীয়ে বাংলাদেশলৈ গৰু চালান দিয়াৰ সময়তে BSFৰ দলে ৮টাকৈ গৰু জব্দ কৰাত চোৰাং বেপাৰীয়ে ‍BSFৰ দলৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ লগতে দাৰে ঘপিয়াই আহত কৰে জোৱানজনক।

চকু আৰু হাতত আঘাত প্ৰাপ্ত জোৱানজন সম্প্ৰতি হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন। এই ঘটনাক দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ উপায়ুক্ত আতিকা চুলতানাৰ তীব্ৰ গৰিহণা দিয়া। জোৱানজনৰ উন্নত চিকিৎসা ব্যৱস্থা কৰাৰ লগতে দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি