কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ভাৰত-বাংলাদেশ আৰু ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা তথা পহৰাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনীক ( BSF ) আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা পূৰ্বৰ ১৫ কিঃমিঃ পৰ্যন্ত এলেকালৈ অভিযান চলোৱাৰ কৰ্তৃত্ব ৫০ কিঃমিঃ পৰ্যন্ত বৃদ্ধি কৰা হৈছে ।
১৫ ৰ পৰা ৫০ কিঃমিঃ পৰ্যন্ত অভিযান চলাব পৰা ক্ষমতা বৃদ্ধি কৰাৰ ফলত বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তকেন্দ্ৰিক অপৰাধ বহুখিনি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য বি এছ এফৰ মহানগৰীৰ ৰাণী পাটগাঁওস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ৰ আই জি সঞ্জয় সিং গেহলটৰ ।
আজি মুখ্য কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত এই মন্তব্য আগবঢ়াই আই জি সঞ্জয় সিং গেহলটে । আই জি গেহলটে কয়– ''ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ে শেহতীয়াকৈ জাৰি কৰা অধিসূচনা অনুসৰি বি এছ এফে এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা দেশৰ ভিতৰত ৫০ কিঃমিঃ এলেকালৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অবৈধ সামগ্ৰী বা চোৰাং সামগ্ৰীৰ বেহা চলোৱাসকলৰ বিৰুদ্ধে অভিযান চলাবলৈ কৰ্তৃত্ব লাভ কৰিছে। ইয়াৰ ফলত তেনে লোকক গ্ৰেপ্তাৰ বা তালাচী কৰিব পাৰিব আৰু পৰৱৰ্তী সময়ত তেনে লোকক সামগ্ৰীসহ ৰাজ্যিক আৰক্ষী বা তেনে কৰ্তৃত্বপ্ৰাপ্ত সংস্থাক গতাই দিব ।
বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ে ভাৰত–বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অঞ্চলত পহৰা কাৰ্যত নিয়োজিত হৈ আছে । ইয়াত ৩টা ছেক্টৰ মুখ্য কাৰ্যালয়ৰ অধীনত ১৩৭ টা বি অ' পিত ১১ টা বেটেলিয়ন আৰু এটা জলশাখা আছে । তেনেদৰে গুৱাহাটী ফ্ৰণ্টিয়াৰে অসমৰ উপৰি পশ্চিমবংগৰ এটা বৃহৎ অঞ্চলত থকা বাংলাদেশৰ সীমান্ত পহৰা দিব লাগে।
অৱশ্যে বিগত সময়ছোৱাত অসম আৰক্ষীৰ পৰা সীমান্তৰে গৰু, নিচাযুক্ত, নিষিদ্ধ সামগ্ৰীকে ধৰি চোৰাং সামগ্ৰীৰ বেহা , অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত বহুখিনি সহায় লাভ কৰা বুলি আই জি সঞ্জয় সিং গেহলটে সংবাদ মেলত সদৰী কৰে । আনহাতে বি এছ এফক এই সীমা বঢ়াই দিয়া হৈছে তাৰ পৰিৱৰ্তে বি এছ এফৰ পৰা নিজাববীয়াকৈ ল'ব পৰা গোচৰৰ ক্ষমতা কৰ্তন কৰা হৈছে । এতিয়াৰ পৰা বি এছ এফে ৰাজ্যিক আৰক্ষীক হস্তান্তৰ কৰিব লাগিব সীমাৰ গোচৰ । সংবাদ মেলত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ডি আই জি তথা প্ৰিন্সিপাল ষ্টাফ অফিচাৰ উমেশ নায়াল আৰু ডি আই জি ( সাধাৰণ ) জে কে ৰুডোলা উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|