আলফাৰ ভিতৰচ’ৰাত ভয়ংকৰ ঘটনা, ৩ সতীৰ্থক মৃত্যুদণ্ড আলফা (স্বাধীনৰ)

আলফা (স্বাধীন)ৰ ৩জন সদস্যক মৃত্যুদণ্ড। শিবিৰ এৰি পলায়ন কৰাৰ বাবেই ৩ সতীৰ্থক হত্যা কৰিলে আলফা (স্বাধীন)–এ।

news18assam
Updated:April 26, 2019, 11:18 AM IST
আলফাৰ ভিতৰচ’ৰাত ভয়ংকৰ ঘটনা, ৩ সতীৰ্থক মৃত্যুদণ্ড আলফা (স্বাধীনৰ)
আলফা (স্বাধীন)ৰ ৩জন সদস্যক মৃত্যুদণ্ড। শিবিৰ এৰি পলায়ন কৰাৰ বাবেই ৩ সতীৰ্থক হত্যা কৰিলে আলফা (স্বাধীন)–এ।
news18assam
Updated: April 26, 2019, 11:18 AM IST
ম্যানমাৰত আলফা (স্বাধীন)ৰ শিবিৰত নৃশংস ঘটনা। ৩জন সদস্যক মৃত্যুদণ্ডৰে দণ্ডিত। শিবিৰ এৰি পলায়ন কৰাৰ বাবেই ৩ সতীৰ্থক হত্যা কৰিলে আলফা (স্বাধীন)–এ। অসমৰ সপোন লৈ আলফালৈ ললিত অসম, স্বাধীন অশ্বিনী অসম আৰু ৰাইনো অসমক মৃত্যুদণ্ড। হত্যা কৰি একেটা গাঁততে পুতি থোৱা হৈছে মৃতদেহ। শেহতীয়াকৈ সেনাৰ জালত পৰা আলফা (স্বাধীন)ৰ কেডাৰ নিবিড় অসম ওৰফে মৃদুল মহন্তই জেৰাত স্বীকাৰ কৰিছে এই কথা। অৱশ্যে এই সম্পৰ্কত কোনো ধৰণৰ নিশ্চিত তথ্য দিব পৰা নাই আৰক্ষীয়ে। দুদিন পূৰ্বে সেনাই কৰায়ত্ত কৰিছিল আলফা (স্বাধীন)ৰ নিবিড় অসম ওৰফে মৃদুল মহন্তক। আনহাতে আলফাৰ স্বাধীনৰ সদস্যৰ মৃত্যুৰ নিশ্চিত তথ্য পোৱাৰ পিছতে তেওঁলোকৰ আত্মাৰ সদগতি কামনাৰ বাবে পৰিয়ালে বৃহস্পতিবাৰে পালন কৰে ধৰ্মীয় ৰীতি–নীতি। পৰেশ বৰুৱালৈ কাতৰ আহ্বান আলফা (স্বাধীন)ৰ মৃত সদস্যৰ পৰিয়ালৰ – সততা আছে যদি স্থিতি স্পষ্ট কৰক সদস্যকেইজন জীৱিত আছে নে নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি