পিতৃ হেমচন্দ্ৰ দত্ত, মাতৃ বিজু দত্ত কোৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে৷
পিতৃ হেমচন্দ্ৰ দত্ত, মাতৃ বিজু দত্ত কোৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে৷
মহামাৰী কোৰোণাই প্ৰাণ কাঢ়ি নিলে লখিমপুৰৰ এটা পৰিয়ালৰ ভাতৃ-ভগ্নীৰ। লখিমপুৰ নগৰৰ সমীপৱৰ্তী বাহাদুৰ চুকৰ ২৫ বছৰীয়া যুৱক কুকিল দত্তৰ মৃত্যুৰ পিছ দিনাই কোভিডে প্ৰাণ ল'লে ২১ বছৰীয়া কুকিলৰ ভগ্নী পূবালী দত্তৰ।
আনহাতে, পিতৃ হেমচন্দ্ৰ দত্ত, মাতৃ বিজু দত্ত কোৰোণাত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে৷ কুকিল দত্ত চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত। আনহাতে পূবালী দত্তকো ডিব্ৰুগড়ত ভৰ্তি কৰোৱা হৈছিল যদিও ককায়েকৰ মৃত্যুৰ পিছত চিকিৎসাত গাফিলতিৰ অভিযোগত পূবালী দত্তক লৈ যোৱা হৈছিল গুৱাহাটীৰ জি এন আৰ চিলৈ। কিন্তু জিএনআৰচিত মৃত্যু হয় পূবালীৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|