গুৱাহাটী মহানগৰীত ভয়ংকৰ অপহৰণ কাণ্ড ৷ মহানগৰীৰ মাজমজিয়াৰ পৰা সন্ধান নাই অৰুণাচলৰ সাংসদ তাপিৰ গাঁৱৰ ভাতৃৰ ৷ বৃহস্পতিবাৰে ব্যৱসায়িক কাম–কাজৰ বাবে অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহিছিল তাহং গাও ৷
নিজ ভতিজাকৰ স'তে গুৱাহাটীত থকা তাহঙে শুকুৰবাৰে ওলাই আহিছিল গণেশগুৰিলৈ ৷ তাৰ পিছত এগৰাকী বন্ধুক ফোনত যোগাযোগ কৰিছিল। চাৰিচকীয়া বাহন লৈ বন্ধুগৰাকী উপস্থিত হৈছিল গণেশগুৰিত ৷ গণেশগুৰিত বন্ধুক সাক্ষাৎ কৰি তাহং উঠিছিল বন্ধুৰ টেক্সিত৷
সেইঅনুসৰি গণেশগুৰিৰ পৰা তাহং বন্ধুৰ স'তে লাষ্টগেট হৈ ওলাই আহিছিল খানাপাৰালৈ ৷ বিয়লি প্ৰায় ৩ বাজি ৩০ মিনিটত ওলাই অহা তাহঙৰ মোবাইল কিছু সময় পিছত বন্ধ হৈছিল৷ সেই বন্ধ হোৱা মোৱাইল এতিয়ালৈ অন হোৱা নাই (Brother of Arunachal MP Tapir Gao missing from Guwahati) ৷
মোবাইল বন্ধ হোৱাৰ পিছত পৰিয়ালৰ লোকে ঘটনাক লৈ দিছপুৰ আৰক্ষীৰ ওচৰ চাপে। ঘটনাটো অপহৰণজনিত বুলি সন্দেহ পৰিয়ালৰ ৷ আৰক্ষীয়ে এয়া চিনাকি বন্ধুৰ স'তে কোনো স্থানত যোৱা বুলিও সন্দেহ কৰিছে ৷ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছে গোচৰ ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|