বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / একেলগে চৰকাৰী চাকৰি লাভ কৰিলে দুই ভাতৃ–ভগ্নীয়ে, হাঁহি বিৰিঙিছে পিতৃ–মাতৃৰ মুখত

একেলগে চৰকাৰী চাকৰি লাভ কৰিলে দুই ভাতৃ–ভগ্নীয়ে, হাঁহি বিৰিঙিছে পিতৃ–মাতৃৰ মুখত

একেলগে চৰকাৰী চাকৰি লাভ কৰিলে দুই ভাতৃ–ভগ্নীয়ে, হাঁহি বিৰিঙিছে পিতৃ–মাতৃৰ মুখত

পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰ অভিজিত পৰাশৰ আৰু ভগ্নী শালিনী পৰাশৰে লাভ কৰিছে সদ্যঘোষিত তৃতীয় বৰ্গৰ চৰকাৰী নিযুক্তি।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

নগাঁও জিলাৰ পুৰণিগুদামৰ সমিপৱৰ্তী চলচলি বামুণগাঁৱৰ এটি বিশেষ পৰিয়াল। পৰিয়ালটোৰ দুই সন্তানৰ সফলতাত এতিয়া হাঁহি বিৰিঙিছে পিতৃ-মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজৰ মুখত। কাৰণ পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰ অভিজিত পৰাশৰ আৰু ভগ্নী শালিনী পৰাশৰে লাভ কৰিছে সদ্যঘোষিত তৃতীয় বৰ্গৰ চৰকাৰী নিযুক্তি।

উল্লেখযোগ্য যে, জ্যেষ্ঠ ভাতৃ অভিজিত কৰ্মৰত আছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰীৰূপে। কৰ্মব্যস্ততাৰ মাজতে নিযুক্তি পৰীক্ষাৰ বাবে পূৰ্ব প্ৰস্ততিৰ বাবে জ্যেষ্ঠ ভাতৃ অভিজিতে নিযুক্তি পৰীক্ষাৰ বাবে ভগ্নী শালিনীৰ পৰা পাইছিল যথেষ্ট প্ৰেৰণা।

বিজ্ঞাপন

ভগ্নী শালিনীয়েও প্ৰস্তুতি চলাই আছিল অসম চৰকাৰৰ প্ৰতিযোগিতামূলক প্ৰশাসনিক পৰীক্ষাৰ বাবে। দুয়ো সন্তানৰ সফলতাত এতিয়া যথেষ্ট উৎফুল্লিত পিতৃ-মাতৃ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন