সাৱধান, ব্ৰইলাৰ মাংসই কঢ়িয়াইছে মাৰাত্মক বেমাৰ!

News18-Assam
Updated:November 8, 2019, 4:05 PM IST
সাৱধান, ব্ৰইলাৰ মাংসই কঢ়িয়াইছে মাৰাত্মক বেমাৰ!
Source-Google

বৰপেটাত ব্ৰইলাৰ খাই অচিন চৰ্মৰোগত আক্ৰান্ত যুৱক

  • Share this:
ব্ৰইলাৰ মাংখ নাখাব! ব্ৰইলাৰ মাংসই কঢ়িয়াইছে মাৰাত্মক চৰ্মৰোগ। বৰপেটাৰ এগৰাকী যুৱকে দুদিন ধৰি ব্ৰইলাৰ মাংস খোৱাৰ পিছতে এতিয়া আক্ৰান্ত হৈছে অচিন ৰোগত। যুৱকজন চিকিৎসকৰ কাষ চপাৰ পিছত যুৱকজনৰ ‘হাৰ্পেচ ছুইপলী’ নামৰ এবিধ চৰ্ম ৰোগ হৈছে বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে যুৱকজনৰ মুৰৰ পৰা চকুৰ ওপৰলৈকে বিয়পি পৰিছে ৰোগ। চিকিৎসকে সন্দেহ কৰা মতে যুৱকজনে খোৱা মাংস খিনিতে আছিল মাৰাত্মক চৰ্মৰোগৰ ভাইৰাছ। উল্লেখযোগ্য যে, ব্ৰইলাৰ মুৰ্গীত এই ৰোগৰ ভাইৰাছ থকাৰ বহু সম্ভাৱণা থাকে। যুৱকজনে খোৱা ব্ৰইলাৰটোত চৰ্মৰোগ বিধৰ ভাইৰাছ থকাৰ কাৰণেই যুৱকজন আক্ৰান্ত হ’বলগীয়া হয় বুলি মন্তব্য কৰে চিকিৎসকে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading