ধুবুৰীত জব্দ ৮খনকৈ ব্ৰইলাৰ ভৰ্তি বাহন। ধুবুৰী জিলাৰ গোলকগঞ্জত জব্দ কৰা এই ৮খন বহিঃ ৰাজ্যৰ ব্ৰইলাৰ ভৰ্তি গাড়ীৰ নম্বৰ হৈছে AS01 GC 3965, AS16 AC 3411, AS01PC 4486, AS25DC 4377, AS15 C9504, AS15AC2757, AS01 P 2676। এই ঘটনাই প্ৰমাণ কৰিছে বহিঃৰাজ্যৰ ব্ৰইলাৰৰ গাড়ী প্ৰৱেশৰ নামত ৰাজ্যত বৃহৎ ছিণ্ডিকেট সক্ৰিয় হৈ আছে। নিতৌ ন ন কৌশলেৰে অসমত প্ৰৱেশ কৰি আছে পশ্চিমবংগৰ ব্ৰইলাৰ।
ধুবুৰী-শ্ৰীৰামপুৰ হৈ অসমৰ বিভিন্ন প্ৰান্তলৈ নিয়া হয় বহিঃৰাজ্যৰ ব্ৰইলাৰ। গাড়ীসমূহ প্ৰৱেশ কৰে ছাগলীয়া আৰু শ্ৰীৰামপুৰৰ বিভিন্ন বক্ৰপথেৰে। উল্লেখ্য, অসম-বংগ সীমান্তৰ প্ৰায় ২০ কিঃমিৰ পথ অতিক্ৰম কৰাৰ পিছতহে আৰক্ষীয়ে আটক কৰে বাহনসমূহ। অসম-বংগ সীমান্তৰ বক্ৰপথেৰে প্ৰৱেশ কৰা হয় গাড়ীসমূহ, বিভাগীয় ভূমিকা ৰহস্যজনক, কাৰণ বহিঃৰাজ্যৰ ব্ৰইলাৰ অবৈধভাৱে অসমত প্ৰৱেশ কৰিলেও বিহা নহয় কোনোধৰণৰ শাস্তি।
কেৱল অসম চৰকাৰৰ তেল খৰচ কৰি ওভতাই দিয়া হয় পশ্চিমবংগলৈ। গোপন সূত্ৰৰ মতে এই সমগ্ৰ ছিণ্ডিকেটৰ সৈতে জড়িত আছে বগৰীবাৰীৰ জনৈক ৰাজু নামৰ এজন। ৰাজুৰ নেতৃত্বতে চলিছে বংগৰ বেমাৰী মুৰ্গীৰ ব্যৱসায়। সম্প্ৰতি ব্ৰইলাৰৰ বাহনসমূহ গোলকগঞ্জ আৰক্ষী থানাত ৰখা হৈছে।
ইপিনে অসমৰ আন এক প্ৰৱেশদ্বাৰ শ্ৰীৰামপুৰেদিও হুৰাহুৰে সোমাইছে ব্ৰইলাৰ ৷ কোকৰাঝাৰৰ নাতিদূৰৈত আৰক্ষীয়ে জব্দ কৰে ব্ৰইলাৰ ভৰ্তি তিনিখনকৈ বাহন ৷ ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতিৰ পিছতো কিদৰে কাৰ সাহসত পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ সম্ভৱ হ'ব পাৰে এই গাড়ীৰ ৷ কি শক্তিৰ বলত বলিয়াত এই চক্ৰই ইচ্ছা কৰিলে প্ৰৱেশ কৰায় ব্ৰইলাৰৰ বাহনসমূহ ৷ প্ৰাপ্ত খবৰ মতে, সীমান্তত আৰক্ষীয়ে মাত্ৰ দুই এখন বাহনহে জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰে অধিকাংশ বাহন বিভিন্ন বক্ৰপথেৰে অসমত প্ৰবেশ কৰাই আহিছে ৷ চৰকাৰে কেৱল নিষেধাজ্ঞা জাৰি কৰিয়ে এচাম চক্ৰক ছিণ্ডিকেটৰ দুৱাৰ খুলি দিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰি চৰকাৰক সমালোচনা কৰিছে ৰাইজে।
Published by: Gautam Barman
FIRST PUBLISHED : March 20, 2023, 03:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।