মুখ্যপৃষ্ঠা »খবৰ »অসম »Broiler chicken: ব্ৰয়লাৰ মূৰ্গীয়ে বিপদ কঢ়িয়াই আনিছে আৰক্ষী, পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ ...

Broiler chicken: ব্ৰয়লাৰ মূৰ্গীয়ে বিপদ কঢ়িয়াই আনিছে আৰক্ষী, পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ ...

Broiler chicken: ব্ৰয়লাৰ মূৰ্গীয়ে বিপদ কঢ়িয়াই আনিছে আৰক্ষী, পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ। পশ্চিম বংগৰ প্ৰশাসনেও ঘূৰাই ল'ব নিবিচাৰে ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক।

Broiler chicken: ব্ৰয়লাৰ মূৰ্গীয়ে বিপদ কঢ়িয়াই আনিছে আৰক্ষী, পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ। পশ্চিম বংগৰ প্ৰশাসনেও ঘূৰাই ল'ব নিবিচাৰে ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক।

Broiler chicken: ব্ৰয়লাৰ মূৰ্গীয়ে বিপদ কঢ়িয়াই আনিছে আৰক্ষী, পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ। পশ্চিম বংগৰ প্ৰশাসনেও ঘূৰাই ল'ব নিবিচাৰে ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক।

  • Share this:
Broiler chicken: ব্ৰয়লাৰ মূৰ্গীয়ে বিপদ কঢ়িয়াই আনিছে আৰক্ষী, পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ। পশ্চিম বংগৰ প্ৰশাসনেও ঘূৰাই ল'ব নিবিচাৰে ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক।

অবৈধ ভাবে অসমত প্ৰৱেশ কৰা ব্ৰয়লাৰৰ ট্ৰাক ধৰি আকৌ পশ্চিমবংগলৈ পঠাবলৈ বাধ্য হৈছে আৰক্ষী আৰু পশুপালন বিভাগে। কিন্তু পশ্চিম বংগৰ প্ৰশাসনেও ঘূৰাই লব নিবিচাৰে ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক। এতিয়া বয়লাৰ মুৰ্গীয়ে বিপদ কঢ়িয়াই আনিছে আৰক্ষী, পশুপালন আৰু পশু চিকিৎসা বিভাগলৈ। পক্ষী জ্বৰৰ বাবে বহিঃৰাজ্যৰ ব্ৰয়লাৰ মূৰ্গী অসমলৈ আমদানিত নিষেধাজ্ঞা জাৰি কৰাত এটা দুষ্ট চক্ৰই বেকা পথ অৱলম্বন কৰি অসম বংগ সীমান্তৱৰ্তী ছাগলীয়া আৰু শ্ৰীৰামপুৰ অঞ্চলৰ কেইবাটাও গোপন পথেৰে অবৈধভাৱে ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক অসমত সোমোৱাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰায় প্ৰতিদিনে আৰক্ষী প্ৰশাসন আৰু পশুপালন বিভাগে অবৈধ ভাবে অসমত প্ৰৱেশ কৰা ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক জব্দ  কৰি আকৌ পশ্চিমবংগলৈ পঠাবলৈ বাধ্য হৈছে। কিন্তু বহু ক্ষেত্ৰত পশ্চিমবংগৰ প্ৰশাসনেও ঘূৰাই ল'ব নিবিচাৰে ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক। তেনেক্ষেত্ৰত আৰক্ষী আৰু পশুপালন বিভাগলৈ একপ্ৰকাৰ বিপদ কঢ়িয়াই আনিছে ব্ৰয়লাৰ মূৰ্গীয়ে। উল্লেখ্য যে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিৰ্দেশ জাৰি কৰি বহিঃৰাজ্যৰ পৰা ব্ৰয়লাৰ আমদানি কৰাত বাধা আৰোপ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত ছোৱাইন ফ্লু আৰু এভিয়ান ইনফ্লুৱেঞ্জা বেমাৰ দেখা দিছে। সেইবাবে পশ্চিম বংগ, বিহাৰ, উৰিষ্যাৰ লগতে বহিঃৰাজ্যৰ পৰা অসমলৈ ব্ৰয়লাৰ মূৰ্গী আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। নিষেধাজ্ঞাৰ পূৰ্বে প্ৰতিদিনে কেইবাশ ব্ৰয়লাৰৰ ট্ৰাক আমদানিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মাংসৰ চাহিদা পূৰণ কৰি আহিছে।

মঙ্গলবাৰে পুৱতি নিশা অসম বংগ সীমান্তত আৰক্ষী-পশুপালন বিভাগৰ চকুত ধূলি দি অসম-বংগ সীমান্তৰ ভিতৰুৱা পথেৰে অসাধু ব্যৱসায়ীয়ে ব্ৰয়লাৰৰ ৩খন গাড়ী লৈ অনাৰ সময়ত কোকৰাঝাৰৰ গ্ৰাহামপুৰৰ গুমা বনাঞ্চলৰ বৰবাধাত ৰাইজে তিনিখন ব্ৰয়লাৰ ভৰ্তি গাড়ী ধৰি গ্ৰাহামপুৰ আৰক্ষীক খবৰ দিয়ে। অসম-বংগ সীমান্ত হালাকুৰাৰ পৰা গোপনে বনাঞ্চলৰ মাজেৰে পুৱতি নিশা লৈ গৈ থকা সময়ত গ্ৰাহামপুৰ আৰক্ষীয়ে গাড়ী তিনিখন জব্দ কৰে। মূৰ্গী কঢ়িওৱা গাড়ী তিনিখনৰ নম্বৰ আছিল -AS01PC 2678, AS16AC 3411 আৰু AS16AC 4544 । আনহাতে সোমবাৰে পুৱতি নিশা পশ্চিম বংগৰ পৰা চোৰাং পথেৰে অসমত প্ৰবেশ কৰা সময়তে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ গকুলকাটা গাঁৱত দুখন ব্ৰয়লাৰ মূৰ্গী বোজাই গাড়ী  দুৰ্ঘটনাত পতিত হয়। স্থানীয় ৰাইজে  সহযোগ কৰি গাড়ী দুখনক বাগৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি  খবৰ দিয়ে আৰক্ষীক। লগে লগে শিমলুটাপু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ী দুখন থানালৈ লৈ যায়। অৱশ্যে স্থানীয় ৰাইজক দেখি ব্ৰয়লাৰ মূৰ্গী চোৰাং সৰবৰাহকাৰী আৰু চালক পলায়ন কৰে। সোমবাৰে গোলকগঞ্জৰ বানীয়ামাৰীত ব্ৰয়লাৰ মূৰ্গী ভৰ্তি এখন ট্ৰাক ৰাইজে ধৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষী আৰু পশুপালন বিভাগে তদন্ত কৰি আকৌ ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাকবোৰ ওভতাই পঠায় পশ্চিম বংগলৈ।

অভিযোগমতে বহিঃৰাজ্যৰ বেমাৰী ব্ৰয়লাৰ মূৰ্গী গোপন পথেৰে অসমত সোমাই অসমৰ বজাৰত চেঞ্জ কৰা হৈছে কেৱল লেভেল। বহিঃৰাজ্যৰ ব্ৰয়লাৰ চোৰাংকৈ প্ৰথমে অনা হয় অসমৰ ধুবৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্ত অঞ্চলত। তাৰ পিছত বনোৱা হয় অসমৰ ফ্ৰামৰ চালান আৰু পঠোৱা হয় গুৱাহাটীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ। একাংশই অভিয়োগ উত্থাপন কৰিছে পক্ষী বেমাৰ বিয়পিব নোৱাৰে তাৰ বাবে চৰকাৰে বন্ধ কৰিছিল বহিঃৰাজ্যৰ ব্ৰয়লাৰ কিন্তু প্ৰশ্ন কেনেদৰে ব্ৰয়লাৰ সোমায় অসমলৈ।
এতিয়া প্ৰশ্ন হয় আপুনি বজাৰৰ পৰা ঘৰলৈ অনা ব্ৰয়লাৰ বেমাৰী নহয়তো।আপুনি পক্ষী জ্বৰৰ ভাইৰাছ টকাৰে কিনি ঘৰলৈ লৈ অনা নাইতো। কাৰণ চোৰাং পথেদি বংগৰ পৰা প্ৰতিদিনে সোমাইছে ব্ৰয়লাৰ মূৰ্গীৰ ট্ৰাক।
সীমান্তত কাক মেনেজ কৰি নিশাৰ এন্ধাৰত চৰকাৰী নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাইছে এওঁলোকে।কিন্তু এতিয়া প্ৰশ্ন হয় চৰকাৰী নিষেধাজ্ঞাৰ পিছতো সীমান্তৰ আৰক্ষীৰ পহৰা ভেদি কি দৰে অসমলৈ প্ৰৱেশ কৰে ব্ৰয়লাৰৰ গাড়ী। ইয়াৰ অন্তৰালত কি ৰহস্য লুকাই আছে।

শেহতীয়া বাতৰি