জুবিনে কন্যকাক আখ্যা দিলে বিপ্লৱ৷ এতিয়াৰে পৰা জুবিনৰ গুৱাহাটীত থকা বৃন্দাবন ছুপাৰ মাৰ্কেটত উপলব্ধ হ'ব কন্যকাৰ উৎপাদিত সামগ্ৰী ৷
জুবিনে কন্যকাক আখ্যা দিলে বিপ্লৱ৷ এতিয়াৰে পৰা জুবিনৰ গুৱাহাটীত থকা বৃন্দাবন ছুপাৰ মাৰ্কেটত উপলব্ধ হ'ব কন্যকাৰ উৎপাদিত সামগ্ৰী ৷
বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika)ৰ বহু চৰ্চিত আৰু বিখ্যাত ফাৰ্ম কন্যকা (Kanyaka)ৰ সৈতে জুবিন গাৰ্গ (Zubeen Garg)ৰ উদ্যোগত প্ৰতিষ্ঠিত বৃন্দাবন ছুপাৰ মাৰ্কেট (Brindaban Super Market)এ একেলগে ব্যৱসায় কৰিবলৈ আগবাঢ়িছে। বিধায়ক পদ্ম হাজৰিকাৰ কন্যকাক বিপ্লৱ আখ্যা দি জুবিনে চাকৰিৰ পিছত নদৌৰি অসমীয়া যুৱকক কৃষি-কৰ্মৰ প্ৰতি আগ্ৰহী হ'বলৈ পুনৰবাৰ পৰামৰ্শ দিলে ৷
সোমবাৰে চতিয়াত বিধায়ক পদ্ম হাজৰিকাৰ কৃষিপাম কন্যকা পৰিদৰ্শন কৰি অভিভূত হৈ পৰিল জুবিন ৷ জুবিনে কন্যকাক আখ্যা দিলে বিপ্লৱ৷ এতিয়াৰে পৰা জুবিনৰ গুৱাহাটীত থকা বৃন্দাবন ছুপাৰ মাৰ্কেটত উপলব্ধ হ'ব কন্যকাৰ উৎপাদিত সামগ্ৰী৷ নিজৰ মাৰ্কেটিং পলিচী লৈ জুবিনে কন্যকা পৰিদৰ্শন কৰি আগন্তুক দিনত কন্যকাৰে মিলি বৃন্দাবন ছুপাৰ মাৰ্কেটে ব্যৱসায় পৰিসৰ বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা বুলি জানিবলৈ দিয়ে৷
ইয়াৰ মাজতে জুবিনৰ দুখ কি, তেজপুৰত সেয়াও ক'লে শিল্পীগৰাকীয়ে ৷ খেতি কৰাৰ দুৰ্বাৰ হেঁপাহ জুবিনৰ ৷ কিন্তু নাই এবিঘাও মাটি ৷ কণ্ঠশিল্পী মানস ৰবীন আৰু পবিত্ৰ ৰাভাৰ কৃষিকৰ্মৰ শলাগ লৈ জুবিনে চাকৰিৰ পিছত নদৌৰি অসমৰ যুৱচামক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায়৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|