Assembly Election 2021 : ‘অতুল বৰাৰ নেতৃত্বত ধ্বংস হ’ল অগপ, এখনো আসন নাপায় নিৰ্বাচনত’ – অগপ ত্যাগ কৰি নিৰ্বাচন খেলিবলৈ সাজু বৃন্দাবন গোস্বামী

News18 Assam | News18-Assam
Updated:March 7, 2021, 8:54 PM IST
Assembly Election 2021 : ‘অতুল বৰাৰ নেতৃত্বত ধ্বংস হ’ল অগপ, এখনো আসন নাপায় নিৰ্বাচনত’ – অগপ ত্যাগ কৰি নিৰ্বাচন খেলিবলৈ সাজু বৃন্দাবন গোস্বামী
"অতুল বৰা নেতৃত্বাধীন অগপই আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে, অগপ দলটো এতিয়া বিজেপিৰ পকেটত" – মন্তব্য বৃন্দাবন গোস্বামীৰ।

"অতুল বৰা নেতৃত্বাধীন অগপই আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে, অগপ দলটো এতিয়া বিজেপিৰ পকেটত" – মন্তব্য বৃন্দাবন গোস্বামীৰ।

  • Share this:
প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ পিছত এইবাৰ অসম গণ পৰিষত উপেক্ষিত হ’ল দলটোৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামী। সেইবাবেই প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে দেওবাৰে ত্যাগ কৰিলে আঞ্চলিক দল অসম গণ পৰিষদ। ন ৰূপত আঞ্চলিকতাবাদ নতুনকৈ আৰম্ভ কৰিব বুলি জনায় বৃন্দাবন গোস্বামীয়ে। তেজপুৰৰ পৰা অগপক বিধানসভা নিৰ্বাচনত ন ৰূপত আগবঢ়াই লৈ যাব বুলিও কয় বৃন্দাবন গোস্বামীয়ে।

"অতুল বৰা নেতৃত্বাধীন অগপই আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে, অগপ দলটো এতিয়া বিজেপিৰ পকেটত" – মন্তব্য বৃন্দাবন গোস্বামীৰ।

পূৰ্বৰ অগপৰ চৰিত্ৰৰে আগবাঢ়িব বিচৰা বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিৰ ৰাইজক লৈ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি কয়। উল্লেখযোগ্য যে তেজপুৰ সমষ্টিত অগপৰ টিকট লাভ কৰিছে দেওবাৰে দলত যোগ দিয়া পৃথিৰাজ ৰাভাই।
Published by: Sanjay Kumar Das
First published: March 7, 2021, 8:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি