নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত বেবেজীয়াৰ মাহৰিআটীৰ এজন উচ্চ শিক্ষাৰে শিক্ষিত যুৱক ৰূপজ্যোতি বেজবৰা। এইগৰাকী যুৱকে ১৯৯৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৰূপজ্যোতিয়ে অসমৰ ভিতৰতে লাভ কৰিছিল ষষ্ঠ স্থান।
১৯৯৯ চনত কটন কলেজৰ পৰা মেজৰসহ স্নাতক ডিগ্ৰী লাভ কৰি ২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিও প্ৰচুৰ মেধাসম্পন্ন ছাত্ৰ ৰূপজ্যোতিয়ে যোগাৰ কৰিব নোৱাৰিলে এটা চৰকাৰী চাকৰি।
ফলত মানসিকভাৱে ভাগি পৰে ৰূপজ্যোতি। ব্যৱসায় কৰিবলৈও হাতত নাই ধন। এনে সময়তে মানসিকভাৱে ভাগি পৰা উচ্চ শিক্ষাৰে শিক্ষিত ৰূপজ্যোতি ৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। Spondylopathies নামৰ এক জটিল ৰোগত আক্ৰান্ত হয় যুৱকজন।
উপাৰ্জন বুলিবলৈ ঘৰখনতো কাৰো একো নাই। ৰূপজ্যোতিৰ পিতৃ দেৱেন বেজবৰাৰ ২০১৮ বৰ্ষতে মৃত্যু ঘটিছিল। মাটি বিক্ৰী কৰি মাতৃ আৰতি বেজবৰাই যিমান পাৰে সিমান পুত্ৰক সুস্থ কৰিবলৈ চিকিৎসা কৰিছিল। বৰ্তমান সৰ্বস্বান্ত হোৱা ৰূপজ্যোতিৰ পৰিয়ালে ধনৰ অভাৱত চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল ৰূপজ্যোতিক।
ৰূপজ্যোতিৰ শেষ আশা আছিল অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।ইপিনে ৰূপজ্যোতিৰ সবিশেষ ঘটনা নিউজ ১৮ৰ ডিজিটেল মাধ্যমৰ লগতে প্ৰচাৰ হোৱাৰ পিছত আজি এসময়ৰ মেধাৱী ছাত্ৰগৰাকীৰ ঘৰত গৈ উপস্থিত হয়গৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ।
বিধায়কগৰাকীয়ে ৰূপজ্যোতিৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
বিধায়কগৰাকীয়ে আজি ৰূপজ্যোতি বেজবৰাৰ বাসগৃহত উপস্থিত হৈ কয়– শেহতীয়াকৈ বিভিন্ন সংবাদমাধ্যমৰ জৰিয়তে এসময়ৰ মেধাৱী ছাত্র গৰাকী এক জটিল ৰোগত আক্ৰান্ত হৈছে বুলি জানিব পাৰি ৰূপজ্যোতিৰ বাসগৃহত উপস্থিত হওঁগৈ। ৰূপজ্যোতিৰ স্বাস্থ্য সম্পৰ্কে বুজ লৈ তেওঁৰ সৈতে মত বিনিময় কৰি বৰ্তমান যথেষ্ট কষ্টকৰ জীৱন কটোৱাৰ বিষয়ে জানিব পাৰোঁ।''
বিধায়কগৰাকীয়ে আজি ৰূপজ্যোতিৰ বিষয়ে সকলো জানিব পাৰি সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি ৰূপজ্যোতিৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : July 31, 2022, 22:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|