বঙাইগাঁৱত বানৰ তাণ্ডৱ, মানাহ নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং

News18 Assam | News18-Assam
Updated:May 26, 2020, 8:51 PM IST
বঙাইগাঁৱত বানৰ তাণ্ডৱ, মানাহ নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কাঠৰ দলং
লুংঝাৰত মানাহ নদীৰ ওপৰত থকা কাঠৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়ে।

লুংঝাৰত মানাহ নদীৰ ওপৰত থকা কাঠৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়ে।

  • Share this:
কোৰোণা ভাইৰাছৰ বিভীষিকাৰ মাজতে ৰাজ্যত বানপানীয়ে আন এক সমস্যাৰ সৃষ্টি কৰিছে। বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে। কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে লুংঝাৰ, বৰবিলা, খৰিবাৰী, পশ্চিম বৰবিলা, ভাটিপাৰা, গাৰোলেটি আদিকে ধৰি কুৰিখনৰো অধিক গাঁও। প্লাৱিত হৈছে খেতি পথাৰ, ৰাস্তা–ঘাট, ঘৰ–দুৱাৰ।

লুংঝাৰত মানাহ নদীৰ ওপৰত থকা কাঠৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়ে। মানাহ নদীৰ ওপৰত থকা এই দলংখন উটুৱাই নিয়াত প্ৰায় ৩০খন গাঁৱৰ ৰাইজৰ যাতায়াত বিছিন্ন হৈ পৰে। এই গাঁওসমূহৰ লগত মাণিকপুৰৰ যোগাযোগ বিছিন্ন হোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে অঞ্চলবাসী ৰাইজৰ মাজত।
First published: May 26, 2020, 8:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading