দুৰ্দশাৰ অন্ত! অৱশেষত বিশ্বনাথৰ ঘিলাধাৰী নৈৰ ওপৰত নিৰ্মাণ হ’ল দলং

১০ মাহৰ ভিতৰত নৈখনৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰিলে গড়কাপ্টানী বিভাগে।

News18-Assam
Updated:August 22, 2019, 10:41 AM IST
দুৰ্দশাৰ অন্ত! অৱশেষত বিশ্বনাথৰ ঘিলাধাৰী নৈৰ ওপৰত নিৰ্মাণ হ’ল দলং
১০ মাহৰ ভিতৰত নৈখনৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰিলে গড়কাপ্টানী বিভাগে।
News18-Assam
Updated: August 22, 2019, 10:41 AM IST
বিশ্বনাথত কণ কণ ছাত্ৰ–ছাত্ৰীয়ে টৌত উঠি নৈ পাৰ হোৱাৰ দৃশ্য নিশ্চয় আপোনাৰ মনত আছে। প্ৰতিদিনেই বিপদসংকূলভাৱে টৌত উঠি ঘিলাধাৰী নৈ পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া হৈছিল কণ কণ ছাত্ৰ–ছাত্ৰীসকল। এই বাতৰি NEWS18ত সবিস্তাৰে সম্প্ৰচাৰ হৈছিল। NEWS18ত বাতৰি সম্প্ৰচাৰৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰৰ গড়কাপ্টানী বিভাগে। NEWS18ৰ ষ্টুডিঅ’তো বিধায়ক প্ৰমোদ বৰঠাকুৰে ঘিলাধাৰী নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

অৱশেষত সেই প্ৰতীক্ষাৰ অন্ত পৰিল। ১০ মাহৰ ভিতৰত নৈখনৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণ কৰিলে গড়কাপ্টানী বিভাগে। আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব এই বহু
প্ৰত্যাশিত দলংখন।

এই দলংখনে কুৰুৱাতি আৰু পলসনিৰ ৰাইজে দীৰ্ঘদিন ধৰি ভুগি অহা জীয়াতুৰ অন্ত পেলাব। এতিয়া আৰু কণ কণ ছাত্ৰ–ছাত্ৰীসকলে টৌত উঠি নৈ পাৰ হ’ব নালাগে। দলঙেৰে বিদ্যালয়লৈ যাব পাৰিব অঞ্চলটোৰ ছাত্ৰ–ছাত্ৰীসকল। দলংখন লাভ কৰি আনন্দিত অঞ্চলটোৰ বাসিন্দাসকল।
আৰু চাওক পৰৱৰ্তী বাতৰি