ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ অভিযোগৰ ভিত্তিত দলং নিৰ্মাণৰ কামৰ পৰ্যালোচনা কৰা হয় আৰু দলংখন নিৰ্মাণৰ পৰা বাহিৰ কৰি দিয়া হয় কেআইডিচি (KIDC) নামৰ কনষ্ট্ৰাকচন কোম্পানীটোক ।
ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ অভিযোগৰ ভিত্তিত দলং নিৰ্মাণৰ কামৰ পৰ্যালোচনা কৰা হয় আৰু দলংখন নিৰ্মাণৰ পৰা বাহিৰ কৰি দিয়া হয় কেআইডিচি (KIDC) নামৰ কনষ্ট্ৰাকচন কোম্পানীটোক ।
ৰঙিয়াত NEWS18 অসম নৰ্থ ইষ্ট (NEWS18 Assam NE)ৰ বাতৰিৰ প্ৰভাৱ । যোৱা শনিবাৰে নিউজ১৮ অসম নৰ্থ ইষ্টৰ বাতৰিত সম্প্ৰচাৰ হৈছিল ৰঙিয়াত শিমলুৱাত যোৱা চাৰি বছৰে এখন দলং সম্পূৰ্ণ নোহোৱাৰ বাতৰি । ঠিকাদাৰে নিজ মইমতালিৰে দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাৰ ফলত ৰঙিয়া, হাজো, নলবাৰীৰ সমষ্টিৰ সহস্ৰাধিক ৰাইজে বিপদজনক যাতায়াত কৰিবলৈ বাধ্য হৈছিল ।
NEWS18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ ৬ দিন পিছতে তৎপৰ হৈছে স্থানীয় বিধায়ক আৰু গড়কাপ্তানী বিভাগ । বাতৰিটো সম্প্ৰচাৰৰ পিছতেই প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়কগৰাকীয়ে গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে এক বৈঠকত মিলিত হয় । সভাখনত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ অভিযোগৰ ভিত্তিত দলং নিৰ্মাণৰ কামৰ বিষয়ে পৰ্যালোচনা কৰা হয় আৰু দলংখন নিৰ্মাণৰ পৰা বাহিৰ কৰি দিয়া হয় কেআইডিচি (KIDC) নামৰ কনষ্ট্ৰাকচন কোম্পানীটোক । লগতে দলং নিৰ্মাণত নতুনকৈ অন্য ঠিকাদাৰক নিয়োগ কৰা হব বুলি জানিবলৈ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই ।
গড়কাপ্তানী বিভাগ আৰু স্থানীয় বিধায়কক ৰাইজৰ আহ্বান অতি সোনকালে দলং সম্পূৰ্ণ কৰাৰ বাবে ঠিকাদাৰক হেঁচা প্ৰয়োগ কৰক । তেতিয়াহে ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|