মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মৰিয়নীত ভাগিল ব্ৰিটিছৰ যুগত নিৰ্মিত দলং, বৃহত্তৰ অঞ্চলৰ মাজত যোগাযোগ বিছিন্ন

মৰিয়নীত ভাগিল ব্ৰিটিছৰ যুগত নিৰ্মিত দলং, বৃহত্তৰ অঞ্চলৰ মাজত যোগাযোগ বিছিন্ন

News18 Assam | News18-Assam
Updated:August 3, 2021, 5:31 PM IST
মৰিয়নীত ভাগিল ব্ৰিটিছৰ যুগত নিৰ্মিত দলং, বৃহত্তৰ অঞ্চলৰ মাজত যোগাযোগ বিছিন্ন
দলংখন ভাগি পথটো বিছিন্ন হৈ পৰাত গাভৰু পৰ্বত চাহ বাগিচাৰ লগত মাছখোৱা, চটাই, নাগিনীজান চাহ বাগিচা আৰু বহুকেইখন গাঁৱৰ সংযোগ সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰে।

দলংখন ভাগি পথটো বিছিন্ন হৈ পৰাত গাভৰু পৰ্বত চাহ বাগিচাৰ লগত মাছখোৱা, চটাই, নাগিনীজান চাহ বাগিচা আৰু বহুকেইখন গাঁৱৰ সংযোগ সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰে।

  • Share this:
মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিচাৰ পৰা মাছখোৱা সংযোগী লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত পকী পথটোত থকা এখন ব্ৰিটিছৰ যুগৰ দলং আজি পুৱা ভাগি পৰাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। ফলত এটা বৃহত্তৰ অঞ্চলৰ মাজত যোগাযোগ বিছিন্ন হৈ পৰে।

উল্লেখযোগ্য যে ২০০৯ চনত উক্ত পথটো তেতিয়াৰ গড়কাপ্তানী বিভাগে পকীকৈ নিৰ্মাণ কৰিছিল যদিও গাভৰু পৰ্বত চাহ বাগিচাৰ ফেক্টৰীৰ সমীপৰ এটা জানৰ ওপৰত ব্ৰিটিছৰ দিনতে নিৰ্মিত দলংখন পুনৰ নিৰ্মাণ নকৰি পুৰণি দলংখনৰ ওপৰতে ব্লেক টেপিং কৰি জোৰা টাপলি মাৰি থৈ যায়।

আনহাতে আজি দলংখন ভাগি পৰাত অঞ্চলবাসীয়ে ইয়াৰ বাবে গড়কাপ্তানী বিভাগৰ বিষয়া, অভিযন্তা আৰু ঠিকাদাৰ সম্পূৰ্ণৰূপে দায়ী বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে। দলংখন ভাগি পথটো বিছিন্ন হৈ পৰাত গাভৰু পৰ্বত চাহ বাগিচাৰ লগত মাছখোৱা, চটাই, নাগিনীজান চাহ বাগিচা আৰু বহুকেইখন গাঁৱৰ সংযোগ সম্পূৰ্ণ ৰূপে বিছিন্ন হৈ পৰে।স্থানীয় ৰাইজে লোকনিৰ্মাণ বিভাগক শীঘ্ৰে পথটোত নতুনকৈ দলং নিৰ্মাণ কৰি যাতায়াত সুচল কৰি দিবলৈ দাবী জনাইছে।
Published by: Sanjay Kumar Das
First published: August 3, 2021, 5:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি