• Home
  • »
  • News
  • »
  • assam
  • »
  • বাক্সাত দিৰিং নদীৰ বাঢ়নী পানীয়ে খহালে পকী দলং, ব্যাহত যাতায়াত ব্যৱস্থা

বাক্সাত দিৰিং নদীৰ বাঢ়নী পানীয়ে খহালে পকী দলং, ব্যাহত যাতায়াত ব্যৱস্থা

দিৰিং নদীৰ বাঢ়নী পানীয়ে চিঙি পেলায় পকী দলংখন৷ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে সূৱণখাটা- নিকাছীৰ মাজৰ যাতায়াত ব্যৱস্থা৷

দিৰিং নদীৰ বাঢ়নী পানীয়ে চিঙি পেলায় পকী দলংখন৷ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে সূৱণখাটা- নিকাছীৰ মাজৰ যাতায়াত ব্যৱস্থা৷

দিৰিং নদীৰ বাঢ়নী পানীয়ে চিঙি পেলায় পকী দলংখন৷ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে সূৱণখাটা- নিকাছীৰ মাজৰ যাতায়াত ব্যৱস্থা৷

  • Share this:
বাক্সাত পুনৰ খহি পৰিল পকী দলং৷ ভূটান সীমান্তৰ পৰা বৈ অহা দিৰিং নদীৰ ওপৰত থকা পকী দলংখন আজি পুনৰ খহি পৰে৷ দিৰিং নদীৰ বাঢ়নী পানীয়ে চিঙি পেলায় পকী দলংখন৷ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে সূৱণখাটা- নিকাছীৰ মাজৰ যাতায়াত ব্যৱস্থা৷

উল্লেখযোগ্য যে বিগত চাৰি বছৰ পূৰ্বে বাৰিষা নৈখনৰ প্ৰৱল সোতে দলংখন চিঙি পেলোৱাৰ পিছত অঞ্চলটোৰ ৰাইজে বাঁহৰ দলং সাজি যাতায়াত কৰি আহিছিল ৷ কিন্তু আজি পুনৰ ভূটান সীমান্তৰ পৰা বৈ অহা নৈখনৰ প্ৰৱল সোঁতে দলংখন চিঙি পেলোৱাত পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে৷

প্ৰণিধানযোগ্য যে নৈখনত অবৈধভাৱে শিল-বালি খন্দাৰ ফলত এনেদৰে দলংখন পানীৰ সোঁতে চিঙি পেলোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ একাংশ শিল-বালি মাফিয়াই বন আইন উলংঘা কৰি দিনে–নিশাই নৈখনৰ বুকুত পঞ্চাশ-ষাঠি ফুট তললৈ খন্দাৰ ফলতে আজি ৰাইজে দুৰ্যোগৰ সন্মুকীন হ’বলগা হৈছে৷

দলংখন এনেদৰে পুনৰ চিঙি যোৱাৰ ফলত বৃহত্তৰ সুৱণখাটা অঞ্চলৰ ৰাইজে সদৰ মুছলপুৰলৈ অহাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব৷ আনহাতে বহু ছাত্ৰ-ছাত্ৰীৰো শৈক্ষিক জীৱনত প্ৰভাৱ পৰিব৷

উল্লেখ্য যে বিগত বৰ্ষত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দলংখনৰ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে কাৰ্যকৰী নহ' ল৷ যাৰ ফলত এতিয়া ৰাইজ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি