உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Saraighat Bridge Incident: সাহসী যুৱকে বচালে শৰাইঘাট দলঙৰ পৰা নৈত জঁপিয়াই মৃত্যু বিচৰা যুৱকক, জীৱনদানৰ কাহিনী ক'লে নিজ মুখে

    Saraighat Bridge Incident: সাহসী যুৱকে বচালে শৰাইঘাট দলঙৰ পৰা নৈত জঁপিয়াই মৃত্যু বিচৰা যুৱকক, জীৱনদানৰ কাহিনী ক'লে নিজ মুখে

    আৰক্ষীয়ে তেওঁক নিৰীক্ষণ কৰি থাকে যদিও ওচৰত যোৱাৰ কোনো উপায় নাছিল। কিয়নো নদীত জাঁপ মাৰি দিয়াৰ আশংকা আছিল।

    আৰক্ষীয়ে তেওঁক নিৰীক্ষণ কৰি থাকে যদিও ওচৰত যোৱাৰ কোনো উপায় নাছিল। কিয়নো নদীত জাঁপ মাৰি দিয়াৰ আশংকা আছিল।

    আৰক্ষীয়ে তেওঁক নিৰীক্ষণ কৰি থাকে যদিও ওচৰত যোৱাৰ কোনো উপায় নাছিল। কিয়নো নদীত জাঁপ মাৰি দিয়াৰ আশংকা আছিল।

    • Share this:
    শৰাইঘাট দলঙৰ পৰা জঁপিয়াই জীৱন নাশ কৰিব বিচৰা এগৰাকী যুৱকৰ আত্মহত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে মহানগৰীত। সন্ধিয়া প্ৰায় ৪ মান বজাত সংঘটিত হয় এই ঘটনা।

    ঘটনাৰ বিৱৰণী মতে, যুৱকগৰাকীয়ে ব্ৰহ্মপুত্ৰত (‍Brahmaputra) জাঁপ দিয়াৰ বাবে কাষৰ ৰেলিঙত বহি লয়। কিন্তু জীৱন আৰু মৃত্যুৰ দ্বিধাদ্বন্দ্বৰ মাজত তেওঁ ৰৈ যায় কিছু সময়। এনে সময়তে কাষেৰে পাৰ হৈ যোৱা গাড়ী-মটৰ ৰৈ যায় দলঙত। সকলোৱে তেওঁক তেনে কাম নকৰিবলৈ আহ্বান-অনুৰোধ জনায়। কিন্তু নাছোৰবান্দা যুৱকগৰাকীয়ে কাৰো কথা শুনিবলৈ প্ৰস্তুত নাছিল (boy attempt to suicide in Saraighat bridge)।

    আৰক্ষীয়ে তেওঁক নিৰীক্ষণ কৰি থাকে যদিও ওচৰত যোৱাৰ কোনো উপায় নাছিল। কিয়নো ওচৰলৈ গ'লেই নদীত জাঁপ মাৰি দিয়াৰ আশংকা আছিল। এক শ্বাসৰুদ্ধকৰ অৱস্থাৰ মাজত পাৰ হয় কিছু সময়। ইতিমধ্যে দলঙত আৰম্ভ হয় যান-জঁট। কিয়নো সকলোৱে সেই দৃশ্য দেখি ৰৈ যায়। আত্মহত্যা নকৰিবলৈ চলি থকা আহ্বানৰ মাজতে হঠাতে এগৰাকী যুৱকে তেওঁক পিছফালৰ পৰা থাপ মাৰি ধৰি মাটিত বগৰাই দিয়ে (A Youth Saved lives)।

    এই উদ্ধাৰকৰ্তা সাহসী যুৱকগৰাকীৰ নাম ৰাহুল বুলি জানিব পৰা গৈছে। ৰাহুলে জানিবলৈ দিয়া মতে, তেওঁ বিশেষ কামত ওলাই আহিছিল আৰু যান-জঁটৰ মাজত ল'ৰাজনক তেনে অৱস্থাত দেখি সাহসেৰে ৰেলিং পাৰ হৈ তেওঁক উদ্ধাৰ কৰে। সৌভাগ্যবশতঃ ৰাহুলৰ ভৰিও ৰেলিং পাৰ হওঁতে পিছল খাইছিল যদিও তেওঁ ল'ৰাজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰাহুলে জানিবলৈ দিয়া মতে, ল'ৰাজনে কান্দি আছিল। শেষত আৰক্ষীয়ে ল'ৰাজনক উদ্ধাৰ কৰি লৈ যায়। এইদৰে অন্ত পৰে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ। জয় হয় জীৱনৰ।
    Published by:Gautam Barman
    First published: