শহুৰেকৰ সৈতে GMCHত চিকিৎসাধীন ৰহাৰ সাহসী বোৱাৰী নিহাৰিকা, হাঁহি বিৰিঙিছে আই চি ইউত থকা শহুৰেক থুলেশ্বৰ দাসৰ মুখত

News18 Assam | News18-Assam
Updated:June 7, 2021, 12:55 PM IST
শহুৰেকৰ সৈতে GMCHত চিকিৎসাধীন ৰহাৰ সাহসী বোৱাৰী নিহাৰিকা, হাঁহি বিৰিঙিছে আই চি ইউত থকা শহুৰেক থুলেশ্বৰ দাসৰ মুখত
শনিবাৰৰ পৰা নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ শাৰীৰিক অৱস্থা কিছু উন্নত হৈছে ভালকৈ কথা কব পৰা হৈছে বুলি নিহাৰিকাই জানিবলৈ দিছে।

শনিবাৰৰ পৰা নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ শাৰীৰিক অৱস্থা কিছু উন্নত হৈছে ভালকৈ কথা কব পৰা হৈছে বুলি নিহাৰিকাই জানিবলৈ দিছে।

  • Share this:
কোভিড পজিটিভ ৰোগীৰ পৰা বহুতেই আঁতৰি থকাৰ সময়ত ৰহাত এগৰাকী বোৱাৰীয়ে শহুৰেকক কোভিড পজিটিভ হোৱাৰ পিছতো নিজেই বোকোচাত তুলি গাড়ীত উঠাই ঘৰৰ পৰা ৰহা চিকিৎসালয় আৰু ৰহাৰ পৰা নগাঁও চিভিল হাস্পতালৰ কোভিড চেণ্টাৰলৈ ভৰ্তি কৰি পিতৃ স্নেহৰ নিদৰ্শন দাঙি ধৰা ঘটনাই সমগ্র ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল। নগাঁও জিলাৰ ৰহা পৌৰসভাৰ ৩নং ৱাৰ্ডৰ ভাটিগাঁৱৰ নিহাৰিকা দাস আৰু শহুৰেক থুলেশ্বৰ দাস সম্প্ৰতি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ নতুন বিল্ডিঙৰ ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ৰ কোভিড চেণ্টাৰৰ প্ৰথম মহলাত চিকিৎসাধীন হৈ আছে।

নিহাৰিকাই জনোৱা মতে কোভিড চেণ্টাৰৰ আই চি ইউৰ ১২৯নং বিচনাত বোৱাৰী নিহাৰিকা দাস আৰু তাৰ কাষতেই থকা এটা কোঠাত শহুৰেক থুলেশ্বৰ দাস চিকিৎসাধীন হৈ আছে। নগাঁৱত ভৰ্তি কৰাৰ পিছতে শহুৰেকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক চিকিৎসকে জি এম চি লৈ নিয়াৰ পৰামৰ্শ দিয়ে। কিন্তু বোৱাৰীয়েক নিহাৰিকাই শহুৰেকক চোৱাচিতা কৰাৰ বাবে বৰ্তমান কোনো নথকাত নিজেও শহুৰেকৰ সৈতে গুৱাহাটীলৈ যাব বিচাৰে। কোভিড প্ৰটকল অনুযায়ী এনে ব্যবস্থা সম্ভৱ নহ’ব বুলি জানিব পাৰি ফেচবুকত এক ভিডিঅ’যোগে  চৰকাৰৰ পৰা অনুমতি বিচাৰে।

ইফালে, নিহাৰিকাৰো কোভিড পজিটিভ হৈ থকাৰ বাবেই স্বাস্থ্য বিভাগে অনুমতি দিয়াত  শহুৰেকৰ সৈতে নিহাৰিকাকো জি এম চি এইচত ভৰ্তি কৰোৱা হয়। জি এম চি এইচত শহুৰেকক আই চি ইউত ৰখাৰ বাবে নিহাৰিকাৰ অনুৰোধমৰ্মে নিহাৰিকাক আই চি ইউৰ কাষতে ৰখাৰ ব্যৱস্থা কৰা হয়।

উল্লেখযোগ্য যে নিহাৰিকা নিজেও কোভিড পজিটিভ হোৱাৰ পিছতো নিজৰ কথা নাভাবি  শহৰেকৰ আলপৈচান ধৰাত দিনে–নিশাই ব্যস্ত হৈ পৰে। নগাঁৱত থকাৰ সময়তো পেৰালাইছিছ আৰু আন ৰোগত আক্ৰান্ত শহৰেকক নিজেই দাঙি নিজ হাতেৰে খুৱাই যত্ন লোৱাৰ লগতে মাজে মাজে শহুৰেকৰ সৈতে ছেলফি উঠি হঁহুৱাই ধেমালি কৰি মনত সাহস যোগাই আহিছে।

বৰ্তমান গুৱাহাটীতো শহুৰেকৰ সকলো সময়তে তদাৰক কৰি সাহস যোগাই থকা নিহাৰিকাই বৰ্তমান শহুৰেক যথেষ্ট সুস্থ হৈ উঠিছে বুলি জানিবলৈ দিয়াৰ লগতে নিজেও কিছু সুস্থ অনুভৱ কৰিছে বুলি জানিব লৈ দিছে। দেওবাৰৰ পৰা চিকিৎসালয়ৰ আইচিইউত শহুৰেক থুলেশ্বৰ দাসৰ মুখত হাহি বিৰিঙি উঠা বুলিও আনন্দ প্ৰকাশ কৰে নিহাৰিকাই।

জি এম চি এইচৰ পৰা ছচিয়েল মিডিয়াত প্ৰচাৰ কৰা একা ভিডিঅ যোগে নিহাৰিকাই  শহুৰেকৰ স্বাস্থ্য যথেষ্ট উন্নত হোৱাত প্ৰধানকৈ সংবাদ মাধ্যমক ধন্যবাদ জনাইছে লগতে  জি এম চি এইচত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে যথেষ্ট সহায় কৰা বুলি জানিবলৈ দি কৰ্তৃপক্ষই শহুৰেকৰ বাবে বাহিৰত কিনিবলগীয়া বাৰ হাজাৰৰো অধিক মূল্যৰ ঔষধো বিনামূলীয়াকৈ দিয়া বুলি জানিবলৈ দিছে।

জি এম চি এইচত কোনো অসুবিধা পোৱা নাই বুলি জানিবলৈ দি নিহাৰিকাই জি এম চি এইচ কৰ্তৃপক্ষৰ লগতে চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মীৰো শলাগ লৈছে। উল্লেখযোগ্য যে নিহাৰিকাৰ স্বামী শিলিগুৰিত আৰু  স্বামীৰ জেষ্ঠ ভাতৃ কৰ্মসূত্ৰে শিলচৰত  থকাৰ বাবেই অসুস্থ শহুৰেকক নিহাৰিকাই নিজেই তদাৰক কৰি আহিছে।নিজৰ পিতৃৰ দৰেই শহুৰেকক মৰম কৰা নিহাৰিকাই শহুৰেকক এনেদৰে শুশ্ৰুষা কৰিবলৈ পাই ধন্য মানিছে বুলি জানিবলৈ দিয়ে। শনিবাৰৰ পৰা নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ শাৰীৰিক অৱস্থা কিছু উন্নত হৈছে ভালকৈ কথা কব পৰা হৈছে বুলি নিহাৰিকাই জানিবলৈ দিছে।
Published by: Sanjay Kumar Das
First published: June 7, 2021, 12:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি