ভৰা নৈ সাঁতুৰি মাতৃ–কন্যাক উদ্ধাৰ কৰা সাহসী উত্তমক সম্বৰ্ধনা প্ৰশাসনৰ

দেওবাৰে দীপিকা তাঁতী নামৰ এগৰাকী মহিলা নৈ পাৰ হ’বলৈ লওঁতেই দুৰ্ভাগ্যবশতঃ ২ সন্তানসহ নৈত উটি গৈছিল।

News18-Assam
Updated:July 11, 2019, 3:10 PM IST
ভৰা নৈ সাঁতুৰি মাতৃ–কন্যাক উদ্ধাৰ কৰা সাহসী উত্তমক সম্বৰ্ধনা প্ৰশাসনৰ
দেওবাৰে দীপিকা তাঁতী নামৰ এগৰাকী মহিলা নৈ পাৰ হ’বলৈ লওঁতেই দুৰ্ভাগ্যবশতঃ ২ সন্তানসহ নৈত উটি গৈছিল।
News18-Assam
Updated: July 11, 2019, 3:10 PM IST
মিছামাৰীৰ সাহসী সন্তান উত্তম তাঁতীক সম্বৰ্ধনা শোণিতপুৰ জিলা প্ৰশাসনৰ৷ জিলা উপায়ুক্তই প্ৰদান কৰিলে এখন চাইকেল আৰু দহ হাজাৰ টকাৰ আৰ্থিক সাহায্য। লগতে উত্তমৰ শৈক্ষিক দায়িত্বও বহন কৰে প্ৰশাসনে৷ ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰ বাবেও উত্তমৰ নাম প্ৰেৰণ কৰে জিলা প্ৰশাসনে৷ NEWS18ক ধন্যবাদ জ্ঞাপন উপায়ুক্ত নৰসিং পাৱাৰৰ।

উল্লেখযোগ্য যে দেওবাৰে দীপিকা তাঁতী নামৰ এগৰাকী মহিলা নৈ পাৰ হ’বলৈ লওঁতেই দুৰ্ভাগ্যবশতঃ ২ সন্তানসহ নৈত উটি গৈছিল। নৈত মহিলাগৰাকীয়ে ককবকাই থকা দেখা পাই স্থানীয় উত্তম তাঁতীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ নৈত জাঁপ দিয়ে। কিশোৰজনে সাহসিকতাৰ পৰিচয় দি মাহিলাগৰাকীৰ লগতে এটি শিশুক উদ্ধাৰ কৰে যদিও আনটি কণমানি দুৰ্ভাগ্য উটি গৈছিল দীঘলজুলি নৈৰ সোঁতত।
আৰু চাওক পৰৱৰ্তী বাতৰি