সেই ভয়ংকৰ দুৰ্ঘটনাত ফেৰীত আছিল পাপলু। চকুৰ সন্মুখতে ঘটিছিল সেই মৰ্মান্তিক ঘটনা। যোৰহাটত পৰীক্ষা দি ঘৰমুৱা হৈছিল পাপলু। লগত আছিল মাতৃ। নিজৰ ম’বাইলটো চাই থকাৰ সময়তে ফেৰীখনে আহি খুন্দা মাৰিছিল পাপলুহঁত থকা নাওখনত। তাৰ পিছতে ফেৰীখনত জাঁপ দিছিল পাপলুৱে। মা মা বুলি চিঞৰিছিল মাতৃক। মাত দিয়া নাছিল মাতৃয়ে। নাওখন ডুব যোৱাৰ পিছত মাতৃক দেখি পানীত জাঁপ দিয়ে পাপলুৱে। মাতৃক উদ্ধাৰ কৰি আন কেইবাজনৰো প্ৰাণ বচাবলৈ সক্ষম হৈছিল পাপলুৱে।
দুৰ্ঘটনাৰ সময়ত নাৱৰ টিঙত থিয় হৈ পাপলুৱে ছটফটাই থকা সেই দৃশ্যৰ লগতে ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। পাপলুৰ বাবেই জীৱন ৰক্ষা পৰিল কেইবাজনো লোকৰ। পাপলুৰ এই সাহসিকতাক এতিয়া শলাগিছে সকলোৱে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 12, 2021, 21:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।