সংবাদমেলত ব্ৰাহ্মণ সমাজে কয় এনেদৰে ক্ষমা খুজিলে কোনো কাৰণতে মানি লোৱা নহ’ব। লিখিতভাৱে দিলেহে বিচাৰ কৰা হ’ব বিষয়টো। প্ৰমাণসহ ক্ষমা বিচাৰিলেহে বিষয়টো কৰা হ’ব বিবেচনা।
সংবাদমেলত ব্ৰাহ্মণ সমাজে কয় এনেদৰে ক্ষমা খুজিলে কোনো কাৰণতে মানি লোৱা নহ’ব। লিখিতভাৱে দিলেহে বিচাৰ কৰা হ’ব বিষয়টো। প্ৰমাণসহ ক্ষমা বিচাৰিলেহে বিষয়টো কৰা হ’ব বিবেচনা।
এতিয়াও অৱসান ঘটা নাই জুবিন গাৰ্গে কৰা মন্তব্যৰ বিতৰ্কৰ। সংবাদ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গে ক্ষমা খোজা বিষয়টো মানি লোৱা নাই ব্ৰাহ্মণ সমাজে। দেওবাৰে ইন্দ্ৰজিৎ শৰ্মা নামৰ এজনে তৰা গোচৰৰ ভিত্তিত গুৱাহাটীৰ ভঙাগড় থানাত হাজিৰ হৈছিল জুবিন। আৰু তাৰ পিছতে সংবাদ মাধ্যমৰ আগত ভুল কৰাৰ কথা স্বীকাৰ কৰে জুবিনে। যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিনে কয় ভুলবশতঃ মই ব্ৰাহ্মণৰ বিৰুদ্ধে মন্তব্য কৰিছিলোঁ, ধেমালি কৰোতে মুখৰ পৰা বামুণ শব্দটো ওলাই গ’ল, ব্ৰাহ্মণ শব্দটো মই ক’ব নালাগিছিল, পৰৱৰ্তী সময়ত পুনৰ এনে ভুল নকৰোঁ। জুবিন গাৰ্গে ক্ষমা বিচাৰিলে যদিও আপত্তি আঁতৰা নাই ব্ৰাহ্মণ সমাজৰ। গুৱাহাটী প্ৰেছ ক্লাবত ব্ৰাহ্মণ সমাজে আজি এক সংবাদমেল সম্বোধন কৰি কয় যে জুবিনে ব্ৰাহ্মণক মাৰিবলৈ ধেমালিতে কোৱা নাছিল। জুবিনক ক্ষমা কৰি দিবনে নিদিয়ে আজিয়ে সিদ্ধান্ত লোৱা নহয়। পৰৱৰ্তী সময়ত ক্ষমাৰ বিষয়ক লৈ হ’ব আলোচনা। সংবাদমেলত ব্ৰাহ্মণ সমাজে কয় এনেদৰে ক্ষমা খুজিলে কোনো কাৰণতে মানি লোৱা নহ’ব। লিখিতভাৱে দিলেহে বিচাৰ কৰা হ’ব বিষয়টো। প্ৰমাণসহ ক্ষমা বিচাৰিলেহে বিষয়টো কৰা হ’ব বিবেচনা। লগতে শীঘ্ৰে মুক্তি পাব লগীয়া জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ নামৰ ছবিখনত বিতৰ্কিত দৃশ্য কিম্বা ব্ৰাহ্মণক অপমানিত কৰা দৃশ্য থাকিলে ক্ষমা কৰা নহ’ব বুলিও কয় ব্ৰাহ্মণ সমাজে। ইতিমধ্যে জিলাই জিলাই ব্ৰাহ্মণ সমাজে চেঞ্চৰ ব’ৰ্ডলৈ প্ৰেৰণ কৰিছে আৱেদন।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|