‘SORRY ক’লে নহ’ব, ব্ৰাহ্মণ সমাজক লিখিতভাৱে ক্ষমা খুজিব লাগিব জুবিনে’

‘কাঞ্চনজংঘা’ৰ আপত্তিজনক দৃশ্যৰ বিৰুদ্ধে অভিযোগ ব্ৰাহ্মণ সমাজৰ।

News18-Assam
Updated:July 31, 2019, 3:13 PM IST
‘SORRY ক’লে নহ’ব, ব্ৰাহ্মণ সমাজক লিখিতভাৱে ক্ষমা খুজিব লাগিব জুবিনে’
‘কাঞ্চনজংঘা’ৰ আপত্তিজনক দৃশ্যৰ বিৰুদ্ধে অভিযোগ ব্ৰাহ্মণ সমাজৰ।
News18-Assam
Updated: July 31, 2019, 3:13 PM IST
ব্ৰাহ্মণ সমাজক লৈ জুবিনে কৰা বিতৰ্কিত মন্তব্যক লৈ আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিছে ব্ৰাহ্মণ সমাজৰ মহানগৰ শাখাই। জুবিন গাৰ্গে কেৱল ছৰী ক’লে নহ’ব, লিখিতভাৱে ক্ষমা খুজিব লাগিব বুলি মন্তব্য ব্ৰাহ্মণ সমাজৰ। লগুণ ব্ৰাহ্মণৰ দশ সংস্কাৰৰ এটা অন্যতম সংস্কাৰ। ব্ৰাহ্মণৰ লগুণ চিঙি দিয়াটো মহা অপৰাধ। ইয়াৰ পৰিণাম জুবিনে ভুগিব বুলি মন্তব্য ব্ৰাহ্মণ সমাজৰ। ‘কাঞ্চনজংঘা’ৰ আপত্তিজনক দৃশ্যৰ বিৰুদ্ধে অভিযোগ ব্ৰাহ্মণ সমাজৰ। ছবিখনৰ বিতৰ্কিত দৃশ্যাংশ আঁতৰ হ’বই লাগিব। নহ’লে ছবিখন মুক্তি দিবলৈ নিদিয়ে বুলিও মন্তব্য কৰে ব্ৰাহ্মণ সমাজৰ মহানগৰ শাখাৰ সম্পাদক পৱিত্ৰ কুমাৰ শৰ্মাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি