• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী, প্ৰতিঘণ্টাত ২-৩ ছেণ্টিমিটাৰকৈ বৃদ্ধি লুইতৰ জলস্তৰ

গুৱাহাটীত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী, প্ৰতিঘণ্টাত ২-৩ ছেণ্টিমিটাৰকৈ বৃদ্ধি লুইতৰ জলস্তৰ

আৰু যদিহে ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকে তেনেহ’লে বানৰ কবলত পৰিব মহানগৰীৰ পাণ্ডু, গাড়ীগাঁও, ধাৰাপুৰ অঞ্চল।

  • Share this:
গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলস্তৰে। প্ৰতিঘণ্টাত ২-৩ ছেণ্টিমিটাৰকৈ বৃদ্ধি হৈ আছে লুইতৰ পানী। ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৱে পানী এৰি দিয়াৰ ফলত মহানগৰীত এই ভয়ংকৰ পৰিস্থিতি। আৰু প্ৰায়  ১ মিটাৰ পানী বৃদ্ধি হ'লেই গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এলেকা জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে। কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰিছে এই তথ্য। আৰু যদিহে ৰাজ্যত ধাৰাসাৰ বৰষুণ অব্যাহত থাকে তেনেহ’লে বানৰ কবলত পৰিব মহানগৰীৰ পাণ্ডু, গাড়ীগাঁও, ধাৰাপুৰ অঞ্চল। ইতিমধ্যেই পাণ্ডু সদিলাপুৰ জাহাজ ঘাটৰ বিকল হৈ থকা জাহাজৰ আধা অংশ ব্ৰহ্মপুত্ৰত পানীত ডুব গৈছে।
Published by:Sanjay Kumar Das
First published: