বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, প্ৰতিঘণ্টাত ১ ছেণ্টিমিটাৰকৈ বাঢ়িছে পানী

News18 Assam | News18-Assam
Updated:May 22, 2020, 7:17 PM IST
বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, প্ৰতিঘণ্টাত ১ ছেণ্টিমিটাৰকৈ বাঢ়িছে পানী
বৃহস্পতিবাৰে নিশাৰ পৰা এৰিছে ৰঙানদীৰ পানী৷ ইয়াৰ ফলত পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ 

বৃহস্পতিবাৰে নিশাৰ পৰা এৰিছে ৰঙানদীৰ পানী৷ ইয়াৰ ফলত পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ 

  • Share this:
ক্ৰমাৎ বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী। প্ৰতিঘণ্টাত ১ ছেণ্টিমিটাৰকৈ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ পানী৷ বৰ্তমান ৪৪.২১ মিটাৰলৈ বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ পানী৷ নীপকোৱে বৃহস্পতিবাৰে নিশাৰ পৰা এৰিছে ৰঙানদীৰ পানী৷ ইয়াৰ ফলত পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷

বিগত তিনিদিনৰ পৰা প্ৰতি দুই-তিনি ঘণ্টাত ১ ছেণ্টিমিটাৰকৈ ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি হৈ আছিল যদিও শুকুৰবাৰে পুৱাৰ পৰা এঘণ্টাৰ ব্যৱধানত ১ ছেণ্টিমিটাৰকৈ বৃদ্ধি হ'বলৈ লৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ৷ আজি দিনৰ ভাগলৈ ৪৪.২১ মিটাৰলৈ বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই ৪৯.৬৮ মিটাৰত স্পৰ্শ কৰিব বিপদসীমা৷ ২০১৯ বৰ্ষৰ ১৬ জুলাইত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈছিল ৫১.২৩ মিটাৰলৈ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading