নিমাতীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বিপদসীমা হ’ল ৮৫.৫৪ মিটাৰ। বিগত ২৪ ঘণ্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু বিপদসীমাৰ ওপৰেৰে বৈ আছে।
নিমাতীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বিপদসীমা হ’ল ৮৫.৫৪ মিটাৰ। বিগত ২৪ ঘণ্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু বিপদসীমাৰ ওপৰেৰে বৈ আছে।
উজনি অসমৰ ব্ৰহ্মপুত্ৰকে ধৰি মূল নদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে। ১৯ মে'ৰ পুৱা নিমাতীঘাতত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আছিল ৮৫.৮১ মিটাৰ। ১৮ মে'ৰ পুৱা নিমাতীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৮৫.৪২ মিটাৰ ৰেকৰ্ড কৰা হৈছিল। নিমাতীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বিপদসীমা হ’ল ৮৫.৫৪ মিটাৰ। বিগত ২৪ ঘণ্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে আৰু বিপদসীমাৰ ওপৰেৰে বৈ আছে।
১৯ মে'ৰ বিয়লি ৰেকৰ্ড কৰা তথ্য অনুসৰি, ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পাইছে আৰু ১০৫.১১ মিটাৰ ৰেকৰ্ড কৰা হৈছে। ধলাতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু হ্ৰাস পাই ১২৬.০৩ মিটাৰ হৈছে। মাজুলীৰ কমলাবাৰী ঘাটত কিন্তু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৮৫.১৩ মিটাৰলৈ বৃদ্ধি পাইছে। কমলাবাৰী ঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ বিপদসীমা হ’ল ৮৪.৯০ মিটাৰ। ১৮ মে'ৰ বিয়লি কমলাবাৰী ঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ আছিল ৮৪.৮৬ মিটাৰ। ১৯ মে'ৰ বিয়লি পাচিঘাটত চিয়াং নদীৰ জলপৃষ্ঠ হ’ল ১৫১.৫১ মিটাৰ (বিপদসীমা : ১৫৩.৯৬ মিটাৰ)।
বৃহস্পতিবাৰে বিয়লি তেজুত লুহিত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই ১৯০.৬২ মিটাৰ হৈছে (বিপদসীমা : ১৯০.৩৩ মিটাৰ)। জেংৰাইমুখত সোৱনশিৰি নদীৰ জলপৃষ্ঠ ১৯ মে'ৰ বিয়লি ৰেকৰ্ড কৰা হৈছে ৮৪.৩৬ মিটাৰ (বিপদসীমা : ৮৫.৪২ মিটাৰ)।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|